Posts

Showing posts from October, 2019

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

Image
#১৯অক্টোবৰ,২০১৯ দিল্লী পুলিচত খালী হৈ থকা ৫৫৪টা কনিষ্টবল পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ১৩ নৱেম্বৰ ২০১৯ৰ ভিতৰত অনলাইন যোগেদি আবেদন  কৰিব পাৰিব । খালী হৈ থকা মুঠ ৫৫৪ টা কনিষ্টবল পদৰ ৩৭২টা পদ পুৰুষৰ বাবে আৰু ১৮২ টা পদ মহিলাৰ বাবে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব । প্ৰাৰ্থী জন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব । অনলাইন আবেদন কৰা সময়ত ১০০ টকাৰ আবেদন মাচুল জমা কৰিব লাগিব অধিক সহায়ৰ বাবে দিল্লী পুলিচৰ অফিচিয়েল ৱেবচাইট www.delhipolice.nic.in ৰ সহায় লব পাৰিব ।

নিযুক্তিৰ সুযোগ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈছে ২,৫৯০ টা পদ

Image
#৭ অক্টোবৰ,২০১৯ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈ থকা মুঠ ২,৫৯০ টা পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰি জাননী দিয়া  হৈছে । মেকানিকেল বিভাগৰ  মেচিনিষ্ট,ৱেল্ডাৰ, ফিটাৰ,কাৰ্পেণ্টাৰ,ডিজেল মেকানিক, পেইণ্টাৰ , ইলেক্ট্ৰিচিয়ান আদি বিভিন্ন শিতানত খালী হৈ থকা পদ সমূহৰ বাবে আবেদন বিচৰা হৈছে । উক্ত পদ সমূহ আলিপুৰদুৱাৰ ডিভিজন - ৪৩৭,ৰঙিয়া ডিভিজন-৩২৮, তিনিচুকীয়া ডিভিজন-৩৩১, নিউবঙাঈগাওঁ ৱৰ্কশ্বপ -১৫৬ ,ডিব্ৰুগড় ৱৰ্কশ্বপ ১৪৯ আৰু লামডিং ডিভিজনত ১০০৪ টা  পদত নিযুক্তি দিয়া হ'ব ।  উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ বা ইয়াৰ সমপৰ্যায়ৰ পাঠ্যক্ৰমত ৫০% নম্বৰ লাভ কৰি  উত্তীৰ্ণ হোৱা হ'ব লাগিব আৰু ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰশিক্ষণ পৰিষদৰ পৰা আই.টি.আই. প্ৰমাণপত্ৰধাৰী হ'ব লাগিব । উপৰোক্ত সকলো পদৰ বাবে প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ ১৮ ছেপ্টেম্বৰলৈ ১৫ বছৰৰ পৰা২৪ বছৰৰ ভিতৰত হ'ব লাগিব । অৱশ্যে এচ.টি.আৰু এচ.চি. প্ৰাৰ্থী সকলৰ বাবে চৰকাৰী বিধি অনুসৰি বয়সৰ ঊৰ্ধ সীমা ৰেহাই দিয়া হ'ব । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৩১ অক্টোবৰৰ ভিতৰত নিজা নিজা নথি পত্ৰৰ প্ৰতিলিপি সহ নিৰ্দ