নিযুক্তিৰ সুযোগ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈছে ২,৫৯০ টা পদ

#৭ অক্টোবৰ,২০১৯
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈ থকা মুঠ ২,৫৯০ টা পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰি জাননী দিয়া  হৈছে । মেকানিকেল বিভাগৰ  মেচিনিষ্ট,ৱেল্ডাৰ, ফিটাৰ,কাৰ্পেণ্টাৰ,ডিজেল মেকানিক, পেইণ্টাৰ , ইলেক্ট্ৰিচিয়ান আদি বিভিন্ন শিতানত খালী হৈ থকা পদ সমূহৰ বাবে আবেদন বিচৰা হৈছে । উক্ত পদ সমূহ আলিপুৰদুৱাৰ ডিভিজন - ৪৩৭,ৰঙিয়া ডিভিজন-৩২৮, তিনিচুকীয়া ডিভিজন-৩৩১, নিউবঙাঈগাওঁ ৱৰ্কশ্বপ -১৫৬ ,ডিব্ৰুগড় ৱৰ্কশ্বপ ১৪৯ আৰু লামডিং ডিভিজনত ১০০৪ টা  পদত নিযুক্তি দিয়া হ'ব ।  উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ বা ইয়াৰ সমপৰ্যায়ৰ পাঠ্যক্ৰমত ৫০% নম্বৰ লাভ কৰি  উত্তীৰ্ণ হোৱা হ'ব লাগিব আৰু ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰশিক্ষণ পৰিষদৰ পৰা আই.টি.আই. প্ৰমাণপত্ৰধাৰী হ'ব লাগিব । উপৰোক্ত সকলো পদৰ বাবে প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ ১৮ ছেপ্টেম্বৰলৈ ১৫ বছৰৰ পৰা২৪ বছৰৰ ভিতৰত হ'ব লাগিব । অৱশ্যে এচ.টি.আৰু এচ.চি. প্ৰাৰ্থী সকলৰ বাবে চৰকাৰী বিধি অনুসৰি বয়সৰ ঊৰ্ধ সীমা ৰেহাই দিয়া হ'ব । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৩১ অক্টোবৰৰ ভিতৰত নিজা নিজা নথি পত্ৰৰ প্ৰতিলিপি সহ নিৰ্দিষ্ট আবেদন পত্ৰ পূৰণ কৰি মাণ্ডলিক ৰেল'ৱে কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব । আবেদন পত্ৰৰ লগত ৫টকীয়া ডাক টিকট লগোৱা অতিৰিক্ত খাম এটাত নিজা ঠিকনা লিখি পঠিওৱাটো বাঞ্চনীয় ।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom