নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

#১৬ আগষ্ট,২০১৯
অসম প্ৰাদেশীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা ৪০৬৭ টা  শিক্ষক পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । 
খালী হৈ থকা পদ সমূহ হৈছে - সহকাৰী শিক্ষক ৩৭২২ টা পদ  আৰু বিষয় শিক্ষক ৩৪৫ টা  পদৰ
সহকাৰী শিক্ষক -মুঠ পদৰ সংখ্যা ৩৭২২ টা । এই পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫০% নম্বৰ সহ স্নাতক ডিগ্ৰী ধাৰি হ'ব লাগিব লগতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা   বি.এড ডিগ্ৰীধাৰি আৰু উচ্চ মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব । এই পদৰ বাবে দৰমহাৰ নিৰিখ ১৪০০০ টকাৰ পৰা ৬০,৫০০টকালৈ লগতে ৮৭০০ টকা  গ্ৰেট পে থাকিব ।
বিষয় শিক্ষক- মুঠ পদৰ সংখ্যা ৩৪৫ টা  । এই পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫০% নম্বৰ সহ স্নাতকোত্তৰ ডিগ্ৰীধাৰি হ'ব লাগিব লগতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  বি এড ডিগ্ৰীধাৰি আৰু উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব । এই পদৰ বাবে দৰমহাৰ নিৰিখ ২২০০০ টকাৰ পৰা ৮৭,৫০০টকালৈ লগতে ১১৮০০ টকা গ্ৰেট পে থাকিব ।
 উপৰোক্ত আটাইকেইটা  পদৰ বাবে আবেদনকাৰীৰ বয়স চলিত বৰ্ষৰ পহিলা জানুৱাৰীলৈ  ১৮ বছৰ পৰা ৩৪ বছৰৰ ভিতৰত হ'ব লাগিব । অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ৩ বছৰ আৰু অনূসূচীত জাতি আৰু অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে বয়সৰ উৰ্ধ সীমা ৫ বছৰ ৰেহাই দিয়া হ'ব । অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে বিদ্যালয় পৰ্য্যায়ত আবেদন কৰিব পাৰিব ।  আবেদন জমা দিয়াৰ অন্তিম দিন ২৭/৮/২০১৯ তাৰিখ । ৩১/৮ /২০১৯ তাৰিখে সাক্ষাৎকাৰ লোৱা হ'ব।  ইচ্ছুক প্ৰাৰ্থী সকলে বিদ্যালয় পৰ্য্যায়ত আবেদন কৰিব লাগিব । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom