এছ চি/এছ টি ছাত্র-ছাত্ৰীয়ে ভৰিব লাগিব ২৪ গুণ বেছি পৰীক্ষাৰ মাচুল

#১৩ আগষ্ট
 
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (Central Board of Secondary Education বা CBSE)ৰ অধীনত থকা চৰকাৰী বিদ্যালয় সমূহৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰী সকলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাচুল পূৰ্বৰ তুলনাত  ২৪ শতাংশ বৃদ্ধি কৰিছে ।   কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ  অধীনৰ চৰকাৰী বিদ্যালয় সমূহত পূৰ্বে  দশম আৰু দ্বাদশ   শ্ৰেণীৰ পৰীক্ষাৰ মাচুল  অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰী সকলে ৫০ টকা মাচুল  দিব লগীয়া হৈছিল।
 কিন্তু বৰ্তমান  নতুন নিৰিখ অনুসৰি  এতিয়াৰ পৰা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ছাত্র-ছাত্ৰী সকলে ১২০০ টকা মাচুল জমা দিব লগীয়া হ’ব। আনহাতেদি সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পূৰ্বৰ ৭৫০ টকাৰ  পৰা বৰ্তমান  ১৫০০ টকা মাচুল জমা দিব লাগিব । পূৰ্বৰ নিৰিখৰ মতে মাচুল জমাদিয়া সকলে বৰ্তমানৰ নতুন  নিৰিখৰ মতে  বাকী থকা ধন আদায় দিব লাগিব নহলে পঞ্জীয়ন নহব অথবা পৰীক্ষাৰ পৰা বঞ্চিত হব লগা হ'ব পাৰে   ।
আনহাতে  উপৰঞ্চি এটা বিষয়ত পৰীক্ষা দিব খোজা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ছাত্র-ছাত্ৰী সকলে  ৩০০ টকা অতিৰিক্ত দিব লাগিব, সাধাৰণ বৰ্গৰ ছাত্ৰ-ছাত্ৰী সকলে  একোটা অতিৰিক্ত বিষয়ৰ বাবে পূৰ্বেৰ  ১৫০ টকাৰ পৰিবৰ্তে বৰ্তমান ৩০০ টকা দিব লাগিব । উল্লেখ যে ইয়াৰ পূৰ্বে অতিৰিক্ত পৰীক্ষাৰ বাবে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ছাত্র-ছাত্ৰী সকলে কোনোধৰণৰ মাচুল দিব লাগিয়া নহৈছিল । লক্ষণীয় কথাটো হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে নতুনকৈ মাচুল বৃদ্ধি কৰাৰ ফলত   সাধাৰণ বৰ্গৰ শিক্ষাৰ্থী আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শিক্ষাৰ্থীৰ মাচুল প্ৰায় সমান হৈছেগৈ।




Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go