শিক্ষা বিভাগত নিযুক্তিৰ সুযোগ ,৫০০ পদ খালী

#২০আগষ্ট,২০১৯
বৰপেটা জিলাৰ প্ৰাদেশীকৃত  উচ্চ মাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা মুঠ ৫০০ পদৰ বাবে বৰপেটা জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ে ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি  বিজ্ঞাপন জাৰি কৰিছে । ইচ্ছুক প্ৰাৰ্থী সকলে বিদ্যালয় পৰ্যায়ত আবেদন কৰিব পাৰিব।
পদৰ নাম - গ্ৰেজুৱেট  শিক্ষক 
এই পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫০% নম্বৰ সহ স্নাতকোত্তৰ ডিগ্ৰীধাৰি হ'ব লাগিব লগতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  বি এড ডিগ্ৰীধাৰি আৰু উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব । উক্ত পদৰ বাবে দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ লগতে ৮৭০০ টকা গ্ৰেট পে আৰু অন্যান্য বনাচ সমূহ থাকিব । খালী হৈ থকা ৫০০ পদৰে ৫৯টা পদ সাধাৰণ শ্ৰেণীৰ বাবে ,২১১ টা পদ অন্যান্য পিছপৰা আৰু অতি পিছপৰা শ্ৰেণীৰ বাবে , ৫৯ টা পদ অনুসূচীত জাতিৰ , ৯৭ টা পদ অনুসূচীত জনজাতি (ভৈয়াম) , ৩৬ টা পদ অনুসূচীত জনজাতি (পাহাৰ) , ৩৮টা  পদ  পি.ডব্লিউ. ডি. শ্ৰেণীৰ বাবে সংৰক্ষিত । ইচ্ছুক প্ৰাৰ্থী সকলে অহা  ২৭/৮/২০১৯ তাৰিখৰ ভিতৰত আবেদন জমা কৰিব পাৰিব। অধিক সহায়ৰ বাবে www.madhyamik.assam.gov.com ত  ল'গ ইন কৰিব পাৰিব ।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom