টেট উত্তীৰ্ণ সকলৰ বাবে এটা ভাল খবৰ ,অতি শীঘ্ৰে দিয়া হ'ব নিযুক্তি

#২০আগষ্ট,২০১৯
ৰাজ্যৰ শিক্ষা বিভাগে মাদ্ৰাছা টেটত উত্তীৰ্ণ সকলৰ নিযুক্তিৰ বাবে প্ৰস্তুতি  চলাইছে ।  মাধ্যমিক শিক্ষা সঞ্চালকালয়ে  বিদ্যালয় পৰিদৰ্শক সকললৈ মাদ্ৰাছা শিক্ষক নিযুক্তি সন্দৰ্ভত  এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে । মাধ্যমিক শিক্ষা সঞ্চালকালয়ে যোৱা ১৭ আগষ্ট তাৰিখে   বিদ্যালয় পৰিদৰ্শক সকলৰ পৰা তেওঁলোকৰ চাৰ্কোলৰ অধীনৰ  মাদ্ৰাছা সমূহত খালী হৈ থকা পদ সমূহৰ তথ্য দহ দিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে ।
উচ্চ ন্যায়ালয়ে  যোৱা মাহৰ ২২ তাৰিখে  মাদ্ৰাছা  টেট সংক্ৰান্তত চলি  গোচৰৰ অন্তিম শুনানী গ্ৰহণ কৰি মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ  নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে  আৰম্ভ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশনা দিয়ে । উল্লেখ যে ২০১৫ চনত অনুষ্ঠিত হোৱা মাদ্ৰাছা টেটত  ১৮০০০ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল । তাৰ পিছতে ঠিকাভিত্তীক শিক্ষকে টেট উত্তীৰ্ণ সকলৰ নিযুক্তিত আপত্তি দৰ্শাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল । উচ্চ ন্যায়ালয়ৰ ৰায় টেট উত্তীৰ্ণ সকলৰ পক্ষত অহাৰ পিছত এতিয়া মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ নিযুক্তিৰ পথ  মসৃণ  হৈছে । 

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া