সাৱধান হওঁক নহলে আপুনি মূহুৰ্ততে হ'ব পাৰে সৰ্বশ্ৰান্ত
#৬আগষ্ট,২০১৯
ষ্টেট বেংক অব ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহক সকলৰ সুৰক্ষাৰ স্বাৰ্থত সতৰ্কবাণী দিছে । বিভিন্ন সময়ত নেট বেংকিঙৰ জৰিয়তে একাংশ দুষ্ট চক্ৰই গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকী কৰি আছে । এই ক্ষেত্ৰত ষ্টেট বেংক অব ইণ্ডিয়াৰ কৰ্তৃপক্ষই গ্ৰাহক সকলক সতৰ্ক কৰি দি কিছু নিৰ্দেশনা জাৰি কৰিছে । আপোনাৰ বেংক একাউণ্টট কোনো ধৰণৰ খেলিমেলি থাকিলে , আপোনাৰ সৈতে কোনো প্ৰৱঞ্চনাৰ ঘটনা ঘটিলে বা অনধিকাৰ অনলাইন লেনদেন হ’লে শীঘ্ৰে বেংকৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ বাবে ষ্টেট বেংক অব ইণ্ডিয়াই 1800112211 আৰু 18004253800 দুটা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিছে । কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হলে এই নম্বৰ দুটাত ফোন কৰি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব ।

Comments
Post a Comment