কৃষক সকলৰ বাবে এটা সুখবৰ , লাভ কৰিব পাৰিব পেঞ্চন

#১২ আগষ্ট ,২০১৯
কৃষক সকলৰ বাবে এটা সুখৰ কৃষক সকলে এতিয়াৰে পৰা লাভ কৰিব পাৰিব পেঞ্চনৰ সুবিধা ।  প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ দ্বাৰা কৃষক সকলে লাভ কৰিব পাৰিব মাহেলী ৩০০০ টকাৰ পেঞ্চন । যোৱা ৯ আগষ্টৰ পৰা এই পেঞ্চন আঁচনিৰ বাবে আনলাইন  প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।   এই পেঞ্চন আঁচনিৰ জৰিয়তে ৬০ বছৰ অতিক্ৰম কৰা ৫ কোটি কৃষকক মাহে ৩০০০ টকা পেঞ্চন দিয়া হ'ব ।
* এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ লাভ কৰিব -
১/ CSC- COMMON SERVICE CENTER ত গৈ  VLE (VILLAGE LEVEL EXTENSION) লগ কৰি অনলাইন আবেদন কৰিব পাৰিব ।
২/অনলাইন আবেদনৰ বাবে আবেদনকাৰীৰ  বয়স ১৮বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব ।
৩/ আবেদনকাৰীৰ নামত ১৫ বিঘাতকৈ অধিক ভূমি থাকিব নালাগিব ।
৪/ আবেদনকাৰী জন কোনো চৰকাৰী চাকৰিয়াল হ'ব নালাগিব ।
*কি কি নথি পত্ৰ প্ৰয়োজন হ'ব?
১/আবেদনকাৰীৰ নাম সম্বলিত প্ৰমাণ পত্ৰ ।
২/ আবেদনকাৰীৰ জন্মৰ প্ৰমাণ পত্ৰ ।
৩/ বেঙ্ক একাউণ্ট নম্বৰ।
৪/ IFSC/ MICR CODE  নম্বৰ ।
৫/ আধাৰ নম্বৰ।
৬/ মবাইল নম্বৰ ।
৭/ অন্যান্য কৃষি সম্বন্ধীয় নথি পত্ৰ ।
অধিক জানিবলৈ ওচৰৰ কৃষি বিষয়া অথবা কৃষক কল চেণ্টাৰ নম্বৰ 1800-180-1551ত যোগাযোগ কৰক ।


Comments

  1. 53 বছৰ বয়সৰ কৃষকৰ কি হব ?

    ReplyDelete

Post a Comment

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া