২০১৯ বৰ্ষৰ চি-টে’ট পৰীক্ষাৰ দিন ঘোষণা

#১৭আগষ্ট,২০১৯
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ  চেন্ট্ৰেল টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ চি-টে’ট পৰীক্ষাৰ বাবে  দিন ঘোষণা  কৰিছে ।   কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ  চেন্ট্ৰেল টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাটো অহা ৮ ডিচেম্বৰত  অনুষ্ঠিত কৰিব ।
ইচ্ছুক অৰ্হতা সম্পন্ন  প্ৰাৰ্থী সাকলে  চেন্ট্ৰেল টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবে আহা  ১৯ আগষ্টৰ পৰা ১৮ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব ।  অনলাইন আবেদন কৰাৰ সময়ত সাধাৰণ শ্ৰেণীৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ  পৰীক্ষাৰ্থী সকলে  ৭০০টকা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পৰীক্ষাৰ্থী সকলে ৩৫০ টকা আবেদনমাচুল জমা দিব লাগিব । প্ৰাথমিক আৰু  মাধ্যমিক দুয়োটা পৰীক্ষা দিব বিচৰা সাধাৰণ শ্ৰেণীৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ  পৰীক্ষাৰ্থী সকলে  ১২০০টকা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পৰীক্ষাৰ্থী সকলে ৬০০ টকা আবেদনমাচুল জমা দিব লাগিব ।
পৰীক্ষাৰ্থী সকলে  আবেদন মাচুল সমূহ ক্ৰেডিট কাৰ্ড , ডেবিড  কাৰ্ড আৰু নেট বেংকিঙৰ জড়িয়তে  অহা ২৩ ছেপ্টেম্বৰৰ বিয়লি ৩.৩০ বজালৈকে জমা  দিব পাৰিব । পৰীক্ষাৰ্থী সকলৰ বয়স নুন্যতম ১৮ বছৰ হ'ব লাগিব । অধিক জানিবৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অফিচিয়েল ৱেবচাইটৰ সহায় লব পাৰিব ।


Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom