বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া
#২৮ আগষ্ট,২০১৯
উৎকট গৰমে এতিয়া ৰাজ্যবাসীক দহিছে ৷ প্ৰখৰ ৰ'দৰ ফলত এতিয়া খেতি পথাৰত চিৰাল ফাঁট মেলিছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জাগীৰোডৰ পশ্চিম নগাঁৱৰ তিৱা ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে চোতাল খান্দি, চাৰিআলিৰ মুৰত ঢেঁকী পুতি ঢেঁকীৰ বিয়া পাতি নেদেখাজনলৈ বুলি যোৱাকালি পুজাঅৰ্চনা কৰে ৷
গাঁৱৰ এজাক মহিলাই ঘৰে ঘৰে গৈ চোতাল খান্দি জাকৈ-খালৈ,জাল-জুলুকি আদি চুৰ কৰি আনি এজাক বৰষুণৰ আশাত চাৰিআলিৰ মুৰত পথৰ দাঁঁতিত ঢেঁকী পুটি ঢেঁকী বিয়া পাতে ৷ গাঁৱৰ মহিলাসকলে পৰম্পৰাগত ৰীতি নীতিৰে গাঁৱখনৰ ঘৰে ঘৰে চোতাল খান্দি গৃহস্হৰ চোতালত প্ৰতিকীৰূপত এজন পুৰুষক ভেকুলী সাজাই বোকাৰে লুতুৰি-পুতুৰি কৰি বিভিন্ন পৰম্পৰাগত গীত জুৰি মহিলাৰ দলটোৱে নৃত্য কৰি নেদেখাজনৰ ওচৰত বৰষুণ বিচাৰি প্ৰাৰ্থনা কৰে ৷
উল্লেখ যে বৰষুণ নহৈ খেতিপথাৰ নষ্ট হ'লে ভগৱানৰ ওচৰত বৰষুণ বিচাৰি তিৱা সকলে পৰম্পৰাগত ঢেঁকী বিয়া বা ঢ়েঁকী পুটা অনুষ্ঠান পাতে । এনে কৰিলে বৰষুণ হয় বুলি তিৱা সকলৰ মাজত জনবিশ্বাস আছে ।
Comments
Post a Comment