ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্তত মহামাৰী

#২৫ আগষ্ট,২০১৯
ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্তৰ কেইবাটাও অঞ্চলত মহামাৰীয়ে দেখা দিছে । অসম-মেঘালয় সীমান্তৰ  মানকাছাৰ মহেন্দ্ৰগঞ্জ আদি বিভিন্ন অঞ্চলত   খজুৱতি ৰোগে মহামাৰীৰ ৰূপ  ধৰণৰ কৰিছে ।
অঞ্চল দুটাৰ  হাজাৰ হাজাৰ লোক খজুৱতি ৰোগত আক্ৰান্ত হৈ হাহাকাৰ কৰিব লগীয়া হৈছে । বিগত দুই বছৰ ধৰি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্ত অঞ্চলটোত এই  ৰোগৰ প্ৰাৰ্দুভাব হৈছে। পুৰুষ, মহিলা, শিশু, বৃদ্ধ সকলোৰে দেহত এই ৰোগে দেখা দিছে ।
এই ৰোগ  বতাহৰ বেগেৰে ইখনৰ পিছত  সিখন গাঁৱলৈ ভয়াবহ ৰূপত বিয়পিবলৈ ধৰিছে । উপযুক্ত চিকিৎসাৰ অভাৱত এতিয়া অঞ্চলটোৰ ৰাইজ যন্ত্ৰণাত জীৱন অতিবাহিত কৰিব লগীয়া হৈছে । এই ৰোগ এটা এলেকাত নাথাকি চাৰিও দিশে সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।


   

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া