গোলা বাৰুদৰ কাৰখানাক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

#২১আগষ্ট,২০১৯
ভাৰত চৰকাৰে  গোলা বাৰুদৰ কাৰখানাক ব্যক্তিগত কৰাৰ প্ৰস্তুতিৰ বিৰুদ্ধে  ৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ভাৰত চৰকাৰৰ ৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ  ডিফেঞ্চ প্ৰডাকচন বিভাগৰ গোলা-বাৰুদৰ কাৰখানা সমূহক ব্যক্তিগত কৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৱা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ  তিনিটা মজদুৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ভাৰতৰ সেনা,অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ বাহিনীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ যেনে বন্দুক, বাৰুদ ,বোলেটপ্ৰ'ফ জেকেট , সেনাৰ গাড়ী আদি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা Ordnance Factory Board ক কেন্দ্ৰীয় চৰকাৰে ৰক্ষা মন্ত্ৰালয়ৰ এটা বিভাগ হিচাপে নাৰাখি ব্যক্তিগতকৰণ কৰিব বিচৰাৰ বিৰুদ্ধে কাৰখানা  ভাৰতীয় প্ৰতিৰক্ষা মজদুৰ সংঘ , অল' ইণ্ডিয়া ডিফেঞ্চ এমপ্লই ফেডাবেশ্বন আৰু ইণ্ডিয়ান নেচনেল ডিফেঞ্চ ৱৰ্কাৰ ফেডাবেশ্বনে   প্ৰতিবাদ সাব্যস্ত কৰিছে ।
এই বিভাগটোৰ অধীনত থক ৪১ কাৰখানাত ১  লাখ ২৫ হাজাৰ কৰ্মচাৰী নিয়োগ হৈ আছে । উল্লেখ যে Ordnance Factory Board ৰ কাৰখানা সমূহত উৎপাদিত সামগ্ৰীৰ ৮০% সেনাই আৰু বাকী ২০% অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ বাহিনীয়ে ক্ৰয় কৰাৰ লগতে কিছু পৰিমাণে সামগ্ৰী বিদেশলৈ পঠিওৱা হয় । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom