মাধ্যমিক আৰু মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক সকলৰ ম্যাদ এবছৰলৈ বৃদ্ধি

#১৩ জুলাই,২০১৯ 


ৰাজ্যৰ মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিক নিয়োজিত হৈ থকা অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ  পুনৰ এক বছৰলৈ বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে  ।  মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই এক অধিসূচনাৰ জৰিয়তে এই কথা  জানিবলৈ দিয়ে । ঠিকাভিত্তীক  শিক্ষকসকলৰ চাকৰিৰ ম্যাদ অন্ত পৰাত  চলিত বৰ্ষৰ যোৱা ১ মাৰ্চৰ পৰা ২০২০ৰ ২৯ ফেব্ৰুৱাৰিলৈ পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। উল্লেখ যে ২০১০ চনত মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা  শিক্ষকসকলৰ চাকৰিৰ ম্যাদ চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিত অন্ত পৰিছিল । বিত্ত বিভাগৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰে ঠিকাভিত্তীক শিক্ষক সকলৰ চাকৰিৰ ম্যাদ পুনৰ এবছৰৰ বাবে বৃদ্ধি  কৰে।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom