নিবনুৱা সকলৰ বাবে এটা সুখৰ বতৰা, নিযুক্তি দিয়া হ'ব ৭ লাখ পদ
#৫ জুলাই,২০১৯
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা প্ৰায় ৭ লাখ পদ নিযুক্তি দিয়াৰ চিন্তা চৰ্চা কৰিছে । কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গঙ্গবাৰে এই কথা ঘোষণা কৰে । যোৱা বুধবাৰে সদনত সাংসদ দীপক বেজ আৰু দৰ্শনা জয়দৌশৰ প্ৰশ্নৰ উত্তৰত খালী হৈ থকা ৭ লাখ পদ সমূহ ২০১৯-২০ বৰ্ষৰ ভিতৰতে নিযুক্তি দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ যে খালী হৈ থকা ৭ লাখ পদৰ ভিতৰত ২.৬ লাখ পদ ৰে’লৱে বিভাগৰ ।
Comments
Post a Comment