তেজপুৰ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম

#৭ জুলাই ,২০১৯


দেশৰ আগশাৰীৰ কেন্দ্ৰীয়  বিশ্ববিদ্যালয়  তেজপুৰ বিশ্ববিদ্যালয়ে চলিত শিক্ষা বৰ্ষৰ পৰা নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম  আৰম্ভ কৰিছে  । চলিত বৰ্ষৰ পৰা    বিশ্ববিদ্যালয়খনত  ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া, বিদেশী ভাষা(Foreign language), ফাৰ্মাচী আৰু ডিজাইন বিভাগত  স্নাতকোত্তৰ  ডিগ্ৰী  লাভ কৰিব পাৰিব  ।  বিভিন্ন সময়ত বিশ্ববিদ্যালয় খনত স্নাতকোত্তৰ বিভাগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ জনোৱা আহ্বানক  সঁহাৰি জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ এই
চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া