৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ

#১৫ জুলাই ,২০১৯ 

ৰাজ্যত অব্যাহত আছে  ভয়াৱহ বান । ভয়াবহ বানপানীৰ বাবে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাচলত প্ৰশাসনে  নিষেধাজ্ঞা আৰোপ কৰিছে  । বানপানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুৰাই নিয়াৰ ফলত তাত থকা জীৱ-জন্তু বোৰ ওখ স্থানত আশ্ৰয় লৈছে । 

ৰাষ্ট্ৰীয় উদ্যান খনৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বুৰি যোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে । বানৰ কৱলত পৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহাৰ ফলত  কেইবাটাও জীৱ-জন্তু যান-বাহনৰ সন্মুখত পৰি মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে । 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে । 

গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যোৱা যান-বাহন সমূহ জখলাবন্ধালৈকে যাবলৈ দিয়া হৈছে । আনহাতে যোৰহাটৰ পৰা অহা যান-বাহন সমূহ বুকাখাতলৈকে আহিবলৈ দিয়া হৈছে । প্ৰশাসনে পৰৱৰ্তী জননী জাৰি নকৰা পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহন চলাচল বন্ধ থাকিব । 



Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া