টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী
#২৭জুন,২০১৯
#টেট পৰীক্ষা দিবলৈ বিচাৰে নেকি ? আপোনাৰ বি এড অথবা ডি এল এড ডিগ্ৰী নাই নেকি ? টেট পৰীক্ষা দিবলৈ নোৱাৰিব নেকি তাকেলৈ চিন্তাত ভুগিছে নেকি ? তেন্তে এতিয়া চিন্তাৰ কাৰণ নাই । শিক্ষাবিভাগে জনোৱা খবৰ অনুসৰি ৰাজ্য চৰকাৰে চলিত বছৰৰ অক্টোবৰ, নবেম্বৰ মাহত টেট পৰীক্ষা অনুষ্ঠিত কৰিব । টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড অথবা ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নেকি? এই সংক্ৰান্তত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট পৰীক্ষাত বহিবলৈ বি এড অথবা ‘ডি এল এড ডিগ্ৰী নহয় বুলি জানিবলৈ দিয়ে । এই সম্পৰ্কত শিক্ষা বিভাগে অতি শীঘ্ৰে জাননী জাৰি কৰিব ।
Comments
Post a Comment