#ড৹ অমিয়া পাটৰক "Best female NSS programme Officer" বঁটাৰে সন্মানিত






#২৭ জুন,২০১৯



নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰক  "Best female NSS programme Officer" বঁটাৰে সন্মানিত কৰা হয় । যোৱা ২১ জুন ২০১৯ৰ পৰা ২৭ জুন ২০১৯  লৈ  পশ্চিম বংগৰ আসানসোলৰ বানুৱাৰী লাল ভালতীয়া মহাবিদ্যালয়ত  অনুষ্ঠিত হোৱা  NSS ৰ "National Integration Camp" ত "Best female NSS programme Officer Award" লাভ কৰিবলৈ সক্ষম হয় । ড৹ অমিয়া পাটৰৰ নেতৃত্বত যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই "National Integration Camp"ত অংশগ্ৰহণ কৰিছিল । উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে  বিহু নৃত্য, তিৱা নৃত্য দিহানাম , আধুনিক নৃত্য আদি বিভিন্ন কাৰ্য্যক্ৰমনীকাত অংশগ্ৰহণ কৰিছিল ।  নগাঁও কলেজৰ উজ্জ্বল বৰা আৰু হিমাংশু গায়ন   , নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰিশ্মিতা বৰা আৰু ৰিমা শৰ্মা  , প্ৰাগজ্যোতিষপুৰ  কলেজৰ কংকনা মালাকাৰ আৰু নয়নজ্যোতি দাস ,  গুৱাহাটী কমাৰ্চ কলেজৰ অৰিন্দম ফুকন আৰু ভাৰ্জিনিয়া দাস, দিশপুৰ   কলেজৰ প্ৰতিক পাৰ্মে আৰু চুজাতা আখতাৰে  এই অনুষ্ঠানত   গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল । আনহাতে অনুষ্ঠানটোত প্ৰতিক পাৰ্মে ঘোষকৰ দ্বায়িত্ব পালন কৰিছিল । নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰৰ সফলতাই    নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ লগতে সমগ্ৰ  অসমক  গৌৰাম্বিত কৰিছে  ।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom