অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

#২৯ জুন ,২০১৯



চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ  নদীপথৰ  যাত্ৰা অসম চৰকাৰে   সুচল কৰি তোলাৰ পৰিকল্পনা হাতত লৈছে   । অচিৰে বৰাক উপত্যকাৰ পৰা  বাংলাদেশলৈ  মাজত নদীপথেৰে জাহাজ চলাচল আৰম্ভ  কৰা হ’ব  । এই নতুন পৰিকল্পনাৰ বাবে ইতিমধ্যে বৰাক নদীত খনন কাৰ্য্য  আৰম্ভ কৰা  হৈছে । নদী পথৰ কাম আৰম্ভ কৰিবৰ বাবে  ভাৰত চৰকাৰে বাংলাদেশক  ইতিমধ্যে ২৫০ কোটি টকা  মোকলাই দিছে ।প্রধান মন্ত্রীৰ এক্ট ইষ্ট পলিছিৰ অন্তৰ্গত ‘সম্পৰ্ক যাত্রা’ কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰ পিছত শুকুৰবাৰে শিলচৰৰ উপায়ুক্তৰ কাৰ্যলয়ত উপস্থিত হৈ পৰিবহন, উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্র মোহন পাটোৱাৰীয়ে  এই কথা সদৰী কৰে ।চুবুৰীয়া ৰাষ্ট্ৰ  সমূহৰ সৈতে ব্যৱসায় বানিজ্য উন্নত কৰাৰ উদ্দেশ্যে বৰাকত কেবাটাও শিল্প প্রতিষ্ঠান গঢ়ি তোলা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।


Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go