দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিলে স্নাতক মহলাৰ প্ৰথমখন কাট অ'ফ মাৰ্ক তালিকা

#২৮ জুন,২০১৯

দিল্লী বিশ্ববিদ্যালয়ে  স্নাতক মহলাৰ বাবে প্ৰথমখন  কাট অব তালিকা প্ৰকাশ কৰা হৈছে ।  সেই অনুসৰি বিশ্ববিদ্যালয় খনৰ অধীনৰ  হিন্দু কলেজত ৰাজনীতি বিজ্ঞান বিষয়ৰ বাবে   ৯৯ শতাংশ ,  পদাৰ্থ বিজ্ঞানৰ বাবে  ৯৮.৩ শতাংশ কাট অব মাৰ্ক  নিৰ্ধাৰণ কৰা হৈছে  ।  লেডী শ্ৰীৰাম কলেজত মনোবিজ্ঞান বিষয়ৰ বাবে   ৯৮.৭৫ শতাংশ , বাণিজ্য শাখাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ বাবে  ৯৮.৫ শতাংংশ ,  অৰ্থনীতি বিষয়ৰ  বাবে  ৯৮.৭৫ শতাংশ কাট অব মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে । কিৰ’ৰী মল কলেজত ইংৰাজী বিষয়ৰ বাবে  ৯৭ শতাংশৰ ওপৰত ,অৰ্থনীতি আৰু বি কমৰ  বাবে  ৯৭ শতাংশৰ ওপৰত।
আনহাতে  হংসৰাজ কলেজত অৰ্থনীতি বিষয়ৰ বাবে  ৯৭.২৫ শতাংশ আৰু  ইংৰাজী বিষয়ৰ বাবে  ৯৮.৫ শতাংশ কাট অব মাৰ্ক নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

নিযুক্তিৰ সুযোগ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈছে ২,৫৯০ টা পদ