গড়কাপ্টানীৰ নিৰ্মাণকাৰ্যত বাধ্যতামূলক হ’ব বৃক্ষৰোপণ, ড০ হিমন্ত বিশ্ব শৰ্মা

#২৯ জুন,২০১৯


গড়কাপ্টানী বিভাগৰ পথ  নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াৰে পৰা  বৃক্ষৰোপণ বাধ্যতামূলক হ’ব । যোৱাকালি ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত গড়কাপ্টানী বিভাগৰ এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে ।  শুকুৰবাৰে  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ উদ্যোগত ১,১০০ গৰাকী ছাত্ৰ–ছাত্ৰীৰ দ্বাৰা ১,১০০ ঔষধি বৃক্ষৰোপণ  কৰা হয় । বৃক্ষৰোপন কাৰ্য্যসূচীত  মুখ্য অতিথি হিচাপে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে  । উক্ত অনুষ্ঠানত মন্ত্ৰী   ড০ শৰ্মাই ২০২০ চনৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে। 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী