কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডকলৈ গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

#২৮ জুন, ২০১৯



কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাৰ বাবে এটা  গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা  নতুন সিদ্ধান্ত অনুসৰি  এতিয়াৰ পৰা দেশজুৰি বলবৎ হ'ব "One Nation-One Card" ব্যৱস্থা  ।   ৰেচন কাৰ্ডৰ লগত নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ সংযোজন কৰি ৰেচন কাৰ্ডৰ  উপভোক্তাই এই প্ৰক্ৰিয়াত  অন্তৰ্ভূক্ত হ'ব পাৰিব । ইয়াৰ দ্বাৰা  ৰেচন কাৰ্ডৰ উপভোক্তা সকলে দেশৰ যিকোনো প্ৰান্তত  নিজৰ কাৰ্ডটোৰ জৰিয়তে নিজৰ ৰেচন লাভ কৰিব পাৰিব । বৃহস্পতিবাৰে দেশৰ খাদ্য সচিব সকলৰ লগত  দিল্লীত অনুষ্ঠিত হোৱা এক  বৈঠকত কেন্দ্ৰীয় খাদ্য মন্ত্ৰী ৰাম বিলাস পাছোৱানে  এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ যে কামৰ সন্ধানত  দেশৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা লোকসকলৰ  বাবে এই প্ৰক্ৰিয়াতো অতিকৈ সুবিধাজনক হব ।
             

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom