সংসদ ভৱনৰ সমুখত অসমৰ সাংসদৰ প্ৰতিবাদ

#১৫ জুলাই ,২০১৯ 

সমগ্ৰ ৰাজ্যত  বানে আৰু গৰাখহনীয়াই ত্ৰাস  সৃষ্টি কৰাৰ সময়তে দিল্লীৰ সংসদ ভৱনৰ সমুখত অসমৰ কেইবাজনো সাংসদে  প্ৰতিবাদ সাব্যস্ত কৰে   ।  অসমৰ  বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্য হিচাপে ঘোষণা কৰক, অসমৰ বানাক্ৰান্ত ৰাইজক উচিত সাহাৰ্য্য প্ৰদান কৰক আদি  বিভিন্ন শ্লোগান লিখিত প্লে কাৰ্ড হাতে হাতে লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ , নগাঁও লোকসভা সমষ্টিৰ  সাংসদ প্ৰদ্যুত বৰদলৈ,  বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰতিবাদকৰী সাংসদ সকলে  কেন্দ্ৰ আৰু ৰাজ্য  চৰকাৰক অসমৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বান আৰু গৰাখহনীয়া ৰোধ কৰিবলৈ  পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
বান আৰু গৰাখহনীয়া সমস্যাকলৈ  কেইবাটাও দাবীৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদকৰী সাংসদ সকলে  সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go