পশ্চিম কাৰ্বি আংলঙৰ খাউৰা গাঁৱত আজিৰে পৰা আৰম্ভ হৈছে ৱানছ্যুৱা মিছাৱা খাম


                                                                                                                                                           
 
#২২ জুলাই,২০১৯

 #পশ্চিম কাৰ্বি আংলং জিলাৰ খাউৰা গাঁৱত  আজিৰে পৰা চাৰি দিনিয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৱানছ্যুৱা মিছাৱা  খাম অনুষ্ঠিত হৈছে ।  খাউৰা গাঁৱৰ  আমখাৱালী ফৈদৰ ৰাইজে  প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পৰম্পৰাগত ভাৱে ৱানছ্যুৱা মিছাৱা  খাম অনুষ্ঠিত কৰি আহিছে ।


 আজি পুৱাৰ ভাগত খাউৰা গাঁৱৰ  ৰাইজে  গাঁৱৰ চামাদিত পৰম্পৰাগত ৰীতি-নীতিৰে গুৰু ছটঙা ৰাজা , মালদেউ ৰাজা আৰু লামফা ৰাজাক সোঁৱৰি  পূজা অৰ্চনা কৰি ৱানছ্যুৱা মিছাৱা  খামৰ শুভাৰম্ভণী কৰে । মূলতঃ কৃষিজীৱী তিৱা ৰাইজে সমাজৰ পৰা অপায় অমংগল দূৰ কৰি সমাজৰ কল্যাণ সাধন কৰিবৰ বাবে  নিজৰ ইষ্ট দেৱতাক পূজা অৰ্চনা কৰে । এনে কৰিলে খেতি বাতি ভাল হয় বুলি  তিৱা সকলে  বিশ্বাস কৰে ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go