ডাক বিভাগৰ ফ্ৰেন্সাইজী খুলি মুকলি কৰক উপাৰ্জনৰ পথ

#২৪ জুলাই,২০১৯



        দেশত পষ্ট  অফিচৰ ডিমাণ্ড পুনৰ  বৃদ্ধি পাবলৈ ধৰাত ৰাইজৰ সুবিধাৰ্থে ভাৰতীয় ডাক বিভাগে ফ্ৰেন্সাইজী ব্যৱস্থা মুকলি কৰি দিছে । এতিয়া আপুনি ৫০০০ টকাৰ নূন্যতম ধনৰাশী জমা কৰি ডাক বিভাগৰ ফ্ৰেন্সাইজী খুলি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে ।






          ফ্ৰেন্সাইজীৰ জৰিয়তে আপুনি  গ্ৰাহকক  ষ্টাম্প, ষ্টেচনাৰী, স্পীড পষ্টৰ সামগ্ৰী, মনী অৰ্ডাৰ বুকিং আদি সুবিধা  কৰি দিব পাৰিব ।  এইসমূহ সুবিধাৰ বিনিময়ত আপুনি  এক নিৰ্ধাৰিত কমিচনৰ সৈতে  নিয়মীয়া উপাৰ্জনৰ উৎস হৈ পৰিব । অষ্টম শ্ৰেণী উত্তীৰ্ণ সকলেও ফ্ৰেন্সাইজীৰ বাবে আবেদন কৰিব পাৰিব ।   যিকোনো ব্যক্তি, ইনষ্টিটিউশ্যন, অৰ্গেনাইজেশ্যন ,  শ্বপ, পাণ দোকানী, গেলামালৰ দোকানী, ষ্টেচনাৰী দোকান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে ডাক বিভাগৰ  ফ্ৰেন্সাইজী গ্ৰহণ কৰিব পাৰে।






 ফ্ৰেন্সাইজীৰ বাবে আবেদন কৰা  ব্যক্তিৰ বয়স অতি কমেও ১৮ বছৰ হ’ব লাগিব ।  ফ্ৰেন্সাইজীৰ বাবে  আৱেদন কৰাৰ  ১৪দিন পিছত  ASP/SDIৰ প্ৰতিবেদনৰ ভিত্তিত  ফ্ৰেন্সাইজী প্ৰদান কৰা হয় ।  ফ্ৰেন্সাইজীৰ কাৰণে নিৰ্বাচন কৰা সকলক  ডাক বিভাগৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব । ডাক বিভাগৰ ফ্ৰেন্সাইজী সেৱাৰ বিষয়ে অধিক জানিবলৈ বা ফ্ৰেন্সাইজী লাভ কৰিবৰ বাবে ভাৰতীয় ডাক বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে । 

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া