সংগ্ৰামৰ ২৯ টা বছৰ, আজি সদৌ তিৱা মহিলা সন্থাৰ প্ৰতিষ্ঠা দিৱস

#২২ জুলাই,২০১৯

আজি সদৌ তিৱা মহিলা সন্থাৰ ২৯ তম প্ৰতিষ্ঠা দিৱস  , মৰিগাঁওৰ গান্ধী ভৱনত উলহ মালহেৰে  পালন কৰে সংগঠনটোৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি । তিৱা জাতিৰ স্বাভিমানৰ সংগ্ৰাম খনত নিজৰ জাতিটোক , ভাষা সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম খনত তিৱা মহিলা সকলেও অগ্ৰণী ভূমিকা গ্ৰহণ কৰে । ১৯৯০ চনত  সদৌ তিৱা মহিলা সন্থাৰ  (ATWA) গঠন হয় আৰু তাৰ পিছৰ পৰাই আজি প্ৰজন্ত  সুদীৰ্ঘ ২৯ বছৰে তিৱা জাতীয় সংগ্ৰাম খনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । স্বাধীকাৰৰ সংগ্ৰাম খনত সদৌ তিৱা মহিলা সন্থাই (ATWA) এক বিশেষ ভূমিকা পালন কৰি আহিছে ।

কাৰ্য্যসূচী মৰ্মে পুৱা ৯বজাত   সদৌ তিৱা মহিলা সন্থাৰ সভানেত্ৰী মুংছাজ জোনালী মিঠিয়ে পতাকা উত্তোলন কৰে, পুৱা দহ বজাত বন্তি প্ৰজ্বলন কৰে সদৌ তিৱা মহিলা সন্থাৰ প্ৰাক্তন সভানেত্ৰী  মুংছাজ গৌৰী আমচি মান্তাই  আৰু স্মৃতি তৰ্পন কৰে সম্পাদিকা মুংছাজ টুটুমনি ডেকাৰজায়ে ।

সদৌ তিৱা মহিলা সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১১বজাত  এখনি বিশেষ আলোচনা সভা অনুষ্ঠিত কৰা হয় । উক্ত সভা খনত উপস্থিত থাকে সদৌ তিৱা মহিলা সন্থাৰ (ATWA)  প্ৰতিস্থাপক সভানেত্ৰী মুংছাজ বিফলা পাটৰ ডাৰফাং , তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহি সদস্য পৱন মান্তা , সদৌ তিৱা  ছাত্র সন্থাৰ সভাপতি  দীপেন  মছৰং , সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰনৱ জ্যোতি মছৰং ,সদৌ অসম ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমছি , তিৱা সুৰক্ষা পৰিষদৰ সম্পাদক চিজয় দেউৰী , তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ , স্বায়ত্ব শাসন দাবী সংগ্ৰাম মঞ্চৰ সম্পাদক মোহিত আমচংকে আদি কৰি বহু কেইটা তিৱা জাতীয় সংগঠনৰ বিষয় ববিয়া সকল উপস্থিত থাকে ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go