সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপত সম্বৰ্ধনা অনুষ্ঠান




##১ জুলাই, ২০১৯,  জাগীৰোড

 #সদৌ তিৱা ছাত্র সন্থাৰ  কামৰূপ জিলা সমিতি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ কামৰূপ মহানগৰ জিলা সমিতিৰ   উদ্যোগত    দেওবাৰে কামৰূপ মহানগৰ জিলাৰ  টোপাতলী  তিৱা ভাষা-সংস্কৃতি গৱেষণা কেন্দ্ৰত    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত  সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।   এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত   সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰী সকলক এখন  ফালি , একোটাকৈ কিতাপৰ টোপোলা আৰু এখন মানপত্ৰৰে   সম্বৰ্ধনা জনোৱা হয়  ।  সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ  জিলা সমিতি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে   হাইস্কুল শিক্ষান্ত পৰীক্ষাত   সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰী সকলক  আৰু অধিক আগুৱাই যাবৰ বাবে অনুপ্ৰেৰণা দিবলৈ প্ৰতি বছৰে এই পদক্ষেপ হাতত লৈছে । সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ  জিলা সমিতি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে   এই বৰ্ষত   হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা মুঠ ৩৫  গৰাকী ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনায় । উক্ত সম্বৰ্ধনা অনুষ্ঠানতে জনগোষ্ঠীটোৰ  কাৰিকৰী দিশত সফলতা অৰ্জন কৰা বিশেষ ব্যক্তি সকলক সকলক এখনকৈ ফালি , শৰাইৰে  সম্বৰ্ধনা জনোৱা হয় ৷ এই সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট চুটি ছবি নিৰ্মাতা তথা সু-অভিনেতা ৰাজীৱ দলৈ আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী  যমুনা কোঁৱৰক বিশেষভাবে সম্বৰ্ধনা জনাই ।  পূৱা ৯ বজাত সদৌ তিৱা ছাত্ৰ সন্হাৰ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ দলৈয়ে সম্বৰ্ধনা  অনুষ্ঠানৰ পতাকা উত্তোলন কৰে   ৷ ইয়াৰ পিছতে পূৱ  ডিমৰীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মনজিৎ কোৱঁৰে শ্বহীদ  তৰ্পন কৰে   ৷   তিৱা জাতীয় ঐক্যমঞ্চ কামৰূপ জিলা সমিতিয়ে  মদন আমচিয়ে সম্বৰ্ধনা অনুষ্ঠানৰ মুকলি সভাৰ   সভাপতিত্ব কৰে  ।সম্বৰ্ধনা  অনুষ্ঠানৰ মুকলি সভাত  সদৌ তিৱা ছাত্ৰ সন্থাৰ  সাংগঠনিক মূখ্য সম্পাদক অনিৰুদ্ধ পাটৰ, বিত্তীয় সম্পাদক মহন্ত ছাগ্ৰা, তিৱা ছাত্ৰ সন্হাা মৰিগাওঁ জিলাৰ সভাপতি কন্দৰ্প হুকাই, নগাওঁ জিলা সমিতিৰ সভাপতি প্ৰশান্ত কোঁৱৰ, সহ-সম্পাদক প্ৰাৰ্থপ্ৰতীম টামলং, বিশিষ্ট  ছুটি ছবিৰ নিৰ্মাতা তথা সু-অভিনেতা ৰাজীৱ দলৈ, বিশিষ্ট সাংস্কৃতিক কৰ্মী  যমুনা কোঁৱৰ, ভনাৰাম লালুং, পদেশ্বৰ মিথি, অনন্ত দেউৰীকে আদি  কৰি জনগোষ্ঠীটোৰ কেইবাগৰাকী  বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া