ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ খচৰা সন্দৰ্ভত তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত আলোচনাঃ

#২৩জুলাই,২০১৯ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ খচৰা সন্দৰ্ভত যোৱা দেওবাৰে মৰিগাঁও মহাবিদ্যালয়ত তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। তখ্ৰাৰ সভাপতি লালচিং মাদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আলোচনাচক্ৰ খনত উপস্থিত থাকে তিৱা মাথনলাই তখ্ৰাৰ পূৰ্বৰ সভাপতি তুলসী বৰদলৈ, সাহিত্যিক মিলেশ্বৰ পাটৰ, তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমচি,বিশিষ্ট সাহিত্যিক ভাস্কৰ বৰদলৈ , নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰ , তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং,সদৌ তিৱা ছাত্র সন্থাৰ সভাপতি দিপেন মছৰং, লগতে তখ্ৰাৰ বিষয়ববীয়াসকল। উক্ত আলোচনাত শিক্ষা নীতি খনত জনগোষ্ঠী সমূহৰ ভাষাৰ উত্তৰনৰ বাবে বলিষ্ঠ নীতি নাই বুলি প্ৰকাশ পায়। খচৰাখনত শিক্ষা ব্যৱস্থাত স্থানীয় ভাষা, মাতৃভাষা, জনজাতীয় ভাষাক গুৰুত্ব দিয়া হব বুলি উল্লেখ আছে যদিও তৃভাষীক ভাষা নীতিয়ে জনগোষ্ঠীয় ভাষাক সামৰি লব নোৱাৰিব বুলি মত ব্যক্ত কৰে। সেয়েহে তখ্ৰাই চতুৰ্থ শিক্ষা নীতিৰ বাবে পূৰ্বৰ পৰাই দাবী তুলি আহিছে।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go