১৯৫১ ৰ পৰা ৮৩/ ৮৫ৰ মাজেৰে ২০১৯
#৩১ আগষ্ট, ২০১৯
১৯৫১ চনতো অসমৰ জাতীয় জীৱনৰ বাবে এটা ঐতিহাসিক বছৰ আছিল । ১৯৫১ চনত কোনোৱে হয়তো ভবা নাছিল এটা সময়ত ৫১ চনৰ নাগৰিক পঞ্জীখন উন্নীত কৰা হ'ব । বৃটিছ শাসনৰ সময়ত কেঁচা সোণৰ দেশ অসমলৈ বিভিন্ন কামৰ বাবে বৃটিছ চৰকাৰে বনুৱা ৰূপত ভাৰতৰ বিভিন্ন স্থানৰ পৰা লাখে লাখে লোক প্ৰৱজন কৰাবলৈ ধৰিলে ।
স্বাধীনতাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈকে আদি কৰি অসম মুলুকৰ নেতা সকলে অনুপ্ৰৱেশকাৰী আৰু প্ৰৱজনকাৰীৰ ভয়াৱহতাক বুজি ভাৰত চৰকাৰক হেঁচা প্ৰদান কৰি অনুপ্ৰৱেশকাৰী প্ৰত্যাৱৰ্তন আইন ১৯৫০ প্ৰণয়ন কৰাবলৈ বাধ্য কৰাইছিল । ইয়াৰ পিছত ১৯৫১ চনত স্বাধীনতা ভাৰতৰ প্ৰথমটো লোকপিয়ল আৰম্ভ হ'ল নাগৰিক পঞ্জীৰ কাম । আই.এচ. বিষয়া আৰ.বি. ভাগাইৱালাৰ তত্বাৱধানত ১৯৫১ চনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত নাগৰিক পঞ্জীৰ কাম সম্পন্ন কৰা হয় ।
অসমত পুনৰ কিয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম কৰিব লগীয়া হ'ল হয়তো এই কথাটো বহুতে জানে , হয়তো বহুতে নাজানে । তাৰ বাবে আমি উভতি যাব লাগিব ১৯৭১ চনলৈ । ১৯৭১ চনত পূৱপাকিস্তানৰ মুক্তি আন্দোলন , পূৱপাকিস্তানৰ পৰা জাকে জাকে শৰণাৰ্থী আহি অসমত প্ৰৱেশ কৰে । অৱশ্যে পূৱপাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা ঘটনা এইয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও পূৱপাকিস্তানত উৰ্দু ভাষা ভাপি দিয়াকলৈ পূৱপাকিস্তানত ভাষা কেন্দ্ৰীক সংঘাতৰ সময়তো অসমলৈ বহুসংখ্যক লোকৰ অনুপ্ৰৱেশ ঘটিছিল ।
১৯৭১ চনৰ ১৬ ডিচেম্বৰত বাংলাদেশ স্বাধীন হোৱাৰ পিছত কিছু সংখ্যক বাংলাদেশলৈ উভতি গ'ল যদিও অধিকাংশ ইয়াতে থাকি গ'ল । তাৰ পিছতো অসমলৈ বাংলাদেশৰ পৰা অবৈধ প্ৰৱজনকাৰী নিৰন্তৰ ভাবে আহিয়েই থাকিল । বাংলাদেশ স্বাধীন হোৱাৰ ৬ বছৰৰ পিছতে অৰ্থাৎ ১৯৭৭ চনত অসমৰ জনজীৱনত এক ভয়ংকৰ ৰূপ ললে । সেই সময়ত প্ৰকাশিত বাতৰিকাকতৰ তথ্য মতে এক বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকৰ নাম অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । ১৯৭৮ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ হিৰালাল পাটোৱাৰিৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়তে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হ'ল ।
মঙ্গলদৈ সমষ্টিত ৭০ হাজাৰ অভিযোগৰে ৪৫ হাজাৰ বাংলাদেশী চিনাক্ত কৰা হ'ল । ইয়াৰ পৰা অসমত বাংলাদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো প্ৰমাণ হ'ল । ইয়াৰ পিছতে বিদেশী নাগৰিকৰ বহিস্কাৰৰ দাবীত বিভিন্ন স্থানত সভা সমিতি পাতি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ হ'ল । ১৯৭৮ চনৰ অক্টোবৰ মাহত সেই সময়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত শ্যাম লাল শাকধৰে বিদেশী অনুপ্ৰৱেশৰ সমস্যাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দি কৈছিল ," মই কিছুমান ৰাজ্যত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত উদ্ৰেক হোৱা বিপদজনক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিব খুজিছোঁ , য'ত ভোটাৰ তালিকাত ব্যাপক হাৰত বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে ।" ১৯৭৯ চনৰ ৬ জুন তাৰিখে ১২ ঘণ্টীয়া অসম বন্ধ কাৰ্য্যসূচীয়ে ৬ বছৰীয়া অসম আন্দোলনৰ প্ৰথমটো কাৰ্য্যসূচী । সদৌ অসম গণ সংগ্ৰাম পৰিষদ , কৰ্মচাৰী পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা এই কাৰ্য্যসূচীয়ে এটা সময়ত অসম জুৰি এক ব্যাপক গণ আন্দোলনৰ ৰূপ লয় । ১৯৭৯ চনৰ ৬ নৱেম্বৰত গুৱাহাটীৰ জজ্ খেল পথাৰত সকলো একত্ৰিত হৈ বিদেশী নাগৰিক বহিষ্কাৰ আৰু ১৯৮০ চনৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধন কৰাৰ দাবীত অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে । ১৯৭৯ চনৰ ২৮ নৱেম্বৰত আন্দোলনকাৰী আৰু চৰকাৰৰ মাজত প্ৰথমখন ঘূৰণীয়া মেজমেল হয় যদিও কোনোধৰণৰ ফল নধৰিল ।
১৯৮০ চনত সংসদীয় আৰু অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰে । ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে মনোনয়ন দাখিল কৰিব যোৱাত ছাত্র সন্থাৰ সদস্য সকলে বাধা দিয়াৰ বাবে সেই সময়ৰ আৰক্ষী প্ৰধান কে.পি. গিলে ভৱানীপুৰত নিৰস্ত্ৰৰ প্ৰতিবাদকৰীৰ ওপৰত অতি নিৰ্দয় ভাবে জপিয়াই পৰে ।আৰক্ষী প্ৰধান কে.পি. গিলে ভৱানীপুৰত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে ছাত্ৰ সন্থাৰ সদস্য খৰ্গেশ্বৰ তালুকদাৰক হত্যা কৰাৰ লগতে বহুতকে ঘূণীয়া কৰে । খৰ্গেশ্বৰ তালুকদাৰৰ বলিদানে অহিংস আন্দোলনটোক অধিক সৱল কৰি তুলিছিল । সমগ্ৰ অসমতে ১৯৮০ চনৰ নিৰ্বাচনতো প্ৰতিৰোধ কৰিবলৈ সংগ্ৰাম আৰু অধিক তীব্ৰতৰ হৈ পৰিল । ১৯৮০ চনত ইন্দিৰা গান্ধী ক্ষমতালৈ অহাৰ পিছত ২ ফেব্ৰুৱাৰী তাৰিখে আন্দোলনকাৰীৰে আলোচনাত বহে যদিও আলোচনা ফলপ্ৰসূ নহ'ল । তাৰ পিছতে এই আন্দোলনক দমনৰ অপ্ৰাণ চেষ্টা কৰা হ'ল । আন্দোলন দমন কৰিবলৈ ১৯৮০ চনৰ পৰা ১৮৯৮২ চনলৈ সম্পূৰ্ণ তিনিটা বছৰ একেৰাহে ১৪৪ ধাৰা বলৱৎ কৰাৰ ৰখাৰ ওপৰিও এন.এচ.এ , অস্ত্ৰ আইন , ই.এম.এচ.এ কে আদি কৰি কেইবাখনো ক'লা আইন অসমৰ ওপৰত জাপি দিয়া হৈছিল । ব্ৰহ্মপুত্ৰ উপত্যকাত আন্দোলন প্ৰতিহত কৰিবলৈ প্ৰায় ১১ লাখ ৫০ হাজাৰ পুলিচ ,চি.আৰ.পি.এফ. ,সেনা নিয়োগ কৰা হৈছিল । ১৯৮৩ চনৰ ৪ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ লগত পুনৰ আলোচনা হয় । ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজত কেইবালানি আলোচনা হয় ।
অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে সদৌ অসম ছাত্র সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ কৰে । সুদীৰ্ঘ ৬ বছৰীয়া এই অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ ওপৰিও কেইবা হাজাৰ লোক পংগু হ'ব লগীয়া হৈছিল ।

Comments
Post a Comment