আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক প্ৰদান কৰা হ'ব ভাৰতৰত্ন!

#৮ আগষ্ট,২০১৯
আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান  "ভাৰতৰত্ন" বঁটাৰে সন্মানিত কৰা হ'ব ।  এইবৰ্ষত ভাৰতৰ   তিনিগৰাকী বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব   ।
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী , সুধাকণ্ঠ ড° ভূপেন হাজৰিকা (মৰণোত্তৰভাবে) আৰু বিশিষ্ট সমাজ কৰ্মী নানাজী দেশমুখক (মৰণোত্তৰভাবে) এই সন্মান প্ৰদান কৰা হ'ব ।  সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা আজি এই সন্মান গ্ৰহণ কৰিব । 

উল্লেখ যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা হৈছে  "ভাৰতৰত্ন" বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া । ইয়াৰ পূৰ্বে ১৯৯৯ চনত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাবে ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go