নিযুক্তিৰ সুযোগ , ডাক বিভাগত ১০০৬৬ টা পদ খালী
#৭ আগষ্ট,২০১৯
ভাৰতীয় ডাক বিভাগৰ গ্ৰামীণ ডাক সেৱাত খালী হৈ থকা মুঠ ১০০৬৬টা পদৰ বাবে অনলাইন যোগে আবেদন বিচৰা হৈছে । ভাৰতীয় ডাক বিভাগৰ অসম , বিহাৰ , পঞ্জাৱ, গুজৰাট, কেৰালা আৰু কৰ্নাটক চক্ৰত খালী হৈ থকা এই সমূহ পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব । অসম চক্ৰত মুঠ ৯১৯টা পদ খালী আছে। ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৪ ছেপ্তেম্বৰ ২০১৯ তাৰিখৰ ভিতৰত অনলাইন যোগে আবেদন পত্ৰ জমা দিব পাৰিব ।
এই পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ইংৰাজী আৰু অংক বিষয়সহ ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব । প্ৰাৰ্থীসকলে ৰাজ্য চৰকাৰ-ঘোষিত স্থানীয় ভাষা অন্তত দশম শ্ৰেণীলৈকে বাধ্যতামূলক বা ঐচ্ছিকভাৱে পঢ়াৰ লগতে ৬০ দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ হ'ব লাগিব । চাইকেল চলাব জনাটো সকলো প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক। বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ। প্ৰাৰ্থী সকলে অনলাইন আবেদন কৰাৰ সময়ত ১০০ টকা মাচুল জমা দিব লাগিব । অৱশ্যে অনুসূচীত জাতি , অনুসূচীত জনজাতি আৰু মহিলা প্ৰাৰ্থী সকলে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।

Job to muk lage
ReplyDeleteAge limits
ReplyDelete