নিযুক্তিৰ সুযোগ , ডাক বিভাগত ১০০৬৬ টা পদ খালী

#৭ আগষ্ট,২০১৯
ভাৰতীয় ডাক বিভাগৰ গ্ৰামীণ ডাক সেৱাত খালী হৈ থকা মুঠ   ১০০৬৬টা  পদৰ বাবে অনলাইন যোগে আবেদন বিচৰা হৈছে ।  ভাৰতীয় ডাক বিভাগৰ  অসম , বিহাৰ , পঞ্জাৱ, গুজৰাট, কেৰালা আৰু কৰ্নাটক চক্ৰত খালী হৈ থকা  এই সমূহ পদৰ  বাবে প্ৰাৰ্থীৰ  শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব । অসম চক্ৰত  মুঠ ৯১৯টা পদ খালী আছে। ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৪ ছেপ্তেম্বৰ ২০১৯ তাৰিখৰ ভিতৰত অনলাইন যোগে আবেদন পত্ৰ জমা দিব পাৰিব ।
 এই পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ইংৰাজী আৰু অংক বিষয়সহ ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ  হ’ব লাগিব । প্ৰাৰ্থীসকলে ৰাজ্য চৰকাৰ-ঘোষিত স্থানীয় ভাষা অন্তত দশম শ্ৰেণীলৈকে বাধ্যতামূলক বা ঐচ্ছিকভাৱে পঢ়াৰ লগতে ৬০ দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ হ'ব লাগিব । চাইকেল চলাব জনাটো সকলো প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক। বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ।  প্ৰাৰ্থী সকলে অনলাইন আবেদন  কৰাৰ সময়ত ১০০ টকা মাচুল জমা দিব লাগিব  । অৱশ্যে  অনুসূচীত জাতি , অনুসূচীত জনজাতি আৰু মহিলা প্ৰাৰ্থী সকলে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।





Comments

Post a Comment

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom