কাগজ কলৰ ছাত্র-ছাত্ৰীক অসম নাগৰিক সমাজৰ আৰ্থিক সাহাৰ্য
#২৭ আগষ্ট,২০১৯
অসম নাগৰিক সমাজৰ উদ্যোগত নগাঁও কাগজ কলৰ আৰ্থিক ভাৱে দুৰ্বল ছাত্র-ছাত্ৰী সকলক আৰ্থিক সাহায্য প্ৰদান । সোমবাৰে জাগীৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা এক বিশেষ অনুষ্ঠানত অসম নাগৰিক সমাজে নগাঁও কাগজ কলৰ আৰ্থিক ভাৱে দুৰ্বল ৫২ জন ছাত্র-ছাত্ৰীক ১০,০০০ টকাকৈ প্ৰায় ৫ লাখ টকা এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।
আৰ্থিক দৈন্যতাই যাতে কাগজ কলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান অৰ্জনৰ পথত হেঙাৰ হ'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।
উক্ত সাহায্য সভাত উপস্থিত থাকে অসম নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকাৰ , উপ সভাপতি তথা অসমৰ জেষ্ঠ সাংবাদিক প্ৰসান্ত ৰাজগুৰু , বিত্তীয় সম্পাদক সিদ্ধাৰ্থ দাস , জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভৱেন চন্দ্ৰ নেওগকে আদি কৰি অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অসম নাগৰিক সমাজৰ এই মহৎ পদক্ষেপক নগাঁও কাগজ কলৰ সমূহ ৰাইজে সলাগ লৈছে ।

Comments
Post a Comment