মেডিকেল প্ৰৱেশ পৰীক্ষাকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
#২২ আগষ্ট,২০১৯
গুৱাহাটী উচ্চ ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাকলৈ এক গুৰুত্বপুৰ্ণ ৰায় প্ৰদান কৰিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এতিয়াৰে পৰা উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৫০ শতাংশ নম্বৰ থাকিলে মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোগ্যতা অৰ্জন কৰিব । মেডিকেল কলেজ এডমিচন ৰুল ২০১৭ বিধি ৪(২)(চি) খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে । মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ৫০ শতাংশ নম্বৰ লাগিছিল যদিও অসমৰ ক্ষেত্ৰত উচ্চ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা সকলেহে যোগ্যতা অৰ্জন কৰিছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এতিয়াৰে পৰা উচ্চ মাধ্যমিকত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজীত ৫০ শতাংশ পালে মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ।

Comments
Post a Comment