Posts

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

Image
#১৯অক্টোবৰ,২০১৯ দিল্লী পুলিচত খালী হৈ থকা ৫৫৪টা কনিষ্টবল পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ১৩ নৱেম্বৰ ২০১৯ৰ ভিতৰত অনলাইন যোগেদি আবেদন  কৰিব পাৰিব । খালী হৈ থকা মুঠ ৫৫৪ টা কনিষ্টবল পদৰ ৩৭২টা পদ পুৰুষৰ বাবে আৰু ১৮২ টা পদ মহিলাৰ বাবে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব । প্ৰাৰ্থী জন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব । অনলাইন আবেদন কৰা সময়ত ১০০ টকাৰ আবেদন মাচুল জমা কৰিব লাগিব অধিক সহায়ৰ বাবে দিল্লী পুলিচৰ অফিচিয়েল ৱেবচাইট www.delhipolice.nic.in ৰ সহায় লব পাৰিব ।

নিযুক্তিৰ সুযোগ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈছে ২,৫৯০ টা পদ

Image
#৭ অক্টোবৰ,২০১৯ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈ থকা মুঠ ২,৫৯০ টা পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰি জাননী দিয়া  হৈছে । মেকানিকেল বিভাগৰ  মেচিনিষ্ট,ৱেল্ডাৰ, ফিটাৰ,কাৰ্পেণ্টাৰ,ডিজেল মেকানিক, পেইণ্টাৰ , ইলেক্ট্ৰিচিয়ান আদি বিভিন্ন শিতানত খালী হৈ থকা পদ সমূহৰ বাবে আবেদন বিচৰা হৈছে । উক্ত পদ সমূহ আলিপুৰদুৱাৰ ডিভিজন - ৪৩৭,ৰঙিয়া ডিভিজন-৩২৮, তিনিচুকীয়া ডিভিজন-৩৩১, নিউবঙাঈগাওঁ ৱৰ্কশ্বপ -১৫৬ ,ডিব্ৰুগড় ৱৰ্কশ্বপ ১৪৯ আৰু লামডিং ডিভিজনত ১০০৪ টা  পদত নিযুক্তি দিয়া হ'ব ।  উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ বা ইয়াৰ সমপৰ্যায়ৰ পাঠ্যক্ৰমত ৫০% নম্বৰ লাভ কৰি  উত্তীৰ্ণ হোৱা হ'ব লাগিব আৰু ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰশিক্ষণ পৰিষদৰ পৰা আই.টি.আই. প্ৰমাণপত্ৰধাৰী হ'ব লাগিব । উপৰোক্ত সকলো পদৰ বাবে প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ ১৮ ছেপ্টেম্বৰলৈ ১৫ বছৰৰ পৰা২৪ বছৰৰ ভিতৰত হ'ব লাগিব । অৱশ্যে এচ.টি.আৰু এচ.চি. প্ৰাৰ্থী সকলৰ বাবে চৰকাৰী বিধি অনুসৰি বয়সৰ ঊৰ্ধ সীমা ৰেহাই দিয়া হ'ব । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৩১ অক্টোবৰৰ ভিতৰত নিজা নিজা নথি পত্ৰৰ প্ৰতিলিপি সহ নিৰ্দ

টেটৰ আবেদন নাকচ হলে আবেদনকাৰীয়ে ঘুৰাই নাপাবও পাৰে আবেদনমাচুল

Image
#২৭ছেপ্টেম্বৰ,২০১৯ অহা ১০ নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব সাধাৰণ টেট পৰীক্ষা । পৰীক্ষা কাষ চাপি অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে একাংশ পৰীক্ষাৰ্থী । শেহতীয়াকৈ শিক্ষা বিভাগৰ এখন জাননী আৰু শিক্ষামন্ত্ৰীৰ এটা মন্তব্যই আৰু অধিক চিন্তিত কৰি তুলিছে পৰীক্ষাৰ্থী সকলক । এতিয়া যিকোনো মুহূৰ্ততে নাকচ হ'ব পাৰে একাংশ পৰীক্ষাৰ্থীৰ আবেদন । শিক্ষা বিভাগে টে’ট  বাবে বি.এড.আৰু  ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পিছত এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা সকলে বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰি ৰচিদ খন জমা কৰিছিল । পিছে শিক্ষামন্ত্ৰীয়ে শেহতীয়াকৈ ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব বুলি মন্তব্য কৰাৰ পিছত এতিয়া এই সকল পৰীক্ষাৰ্থীক বিপাঙত পেলাইছে । আনহাতেদি নামভৰ্ত্তি ৰচিদ জমা কৰিব নোৱাৰাৰ ফলত আবেদন নাকচ হোৱা পৰীক্ষাৰ্থী সকলৰ আবেদনমাচুল ঘুৰাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষামন্ত্ৰীয়ে  মন্তব্য কৰে । অনলাইন আবেদন কৰাৰ সময়ত সম্পূৰ্ণ শুদ্ধ আৰু সত্য তথ্য দি আবেদন কৰা হৈছে বুলি টিক মাৰ্ক মাৰি আবেদন ক

বন্ধ হ'ব নেকি বি.এছ.এন.এল. ? ৪/৫ দিনত নিৰ্ণয় হ'ব ভৱিষ্যত

Image
#২৭ছেপ্টেম্বৰ,২০১৯ এটা এটাকৈ দেশৰ ৰাজহুৱা খণ্ডৰ  কোম্পানী সমূহ মৃত্যু মুখলৈ গতি কৰিছে । শেহতীয়াকৈ দেশৰ আন এটা ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী মৃত্যু মুখলৈ গতিকৰাৰ খবৰে তোলপাৰ লগাইছে । ইতিহাস হৈ ৰব নেকি আপোনাৰ মোৰ অতিকৈ চিনাকি  বি.এছ.এন.এল. কোম্পানী হয়তো আপুনি আৰু নাপাব । আগন্তুক ৪-৫ দিনৰ ভিতৰত  ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটোৰ ভৱিষ্যত  নিৰ্ণয় হ'ব। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটো  কেনেদৰে পুনৰ্জীৱিত কৰিব পাৰি, সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ  আলোচনা অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে গঠন কৰি দিয়া  সচিব সমিতিয়ে আগন্তুক ৪/৫ দিনৰ ভিতৰত এক সিদ্ধান্তত উপনীত হৈ  বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব পাৰি নে নোৱাৰি তাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । সচিব সমিতিৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া  বি.এছ.এন.এলৰ ভৱিষ্যৎ । উল্লেখ্য যে বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব নোৱাৰিলে ১.৬৩ লাখ কৰ্মচাৰী অস্তিত্বৰ সংকটত পৰিব ।

আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিছে নেকি? তেন্তে এবাৰ এই নিউজটো পঢ়ক

Image
#২৭ছেপ্টেম্বৰ,২০১৯ বহুত কল্পনা জল্পনাৰ অন্ত পেলাই ৰাজ্যৰ শিক্ষা বিভাগে ৬বছৰৰ মূৰত পুনৰ টেট পৰীক্ষা অনুস্থিত কৰিবলৈ লৈছে । ইতিমধ্যে  টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে । অহা ১০ নবেম্বৰত ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। অনলাইন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে শিক্ষা বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । অনলাইন আবেদন কৰা সকলৰ বি.এড. বা ডি.এল.এড. ডিগ্ৰী থকাটো বাধ্যতামূলক । বি এড বা ডি এল এড পঢ়ি থকা সকলে নামভৰ্ত্তি ৰচিদ জমা কৰিব লাগিব অনথা আবেদন নাকচ কৰা হ'ব আদি। এই নিৰ্দেশনা পোৱাৰ লগে লগে আবেদনকাৰী সকলৰ একাংশই শেহতীয়া কৈ বি.এড. আৰু ডি.এল.এড. পাঠ্যক্ৰমত নামভৰত্তি কৰি জমা কৰিছে । কিন্তু টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শেহতীয়া এক বিশেষ মন্তব্যই এতিয়া চিন্তিত কৰিছে একাংশ আবেদনকাৰীক ‌।শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে D.El.Ed পাঠ্যক্ৰমৰ গ্ৰহণযোগ্যতা ২০১৭ চনলৈকেহে আছিল । ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব । উল্ল

দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা ভাল খবৰ

Image
#২৭ছেপ্টেম্বৰ,২০১৯ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত খালী হোৱা ২২৪ টা বিভিন্ন পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে ২১ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত অনলাইযোগেৰে আবেদন পত্ৰ দাখিল কৰিব পাৰিব । খালি হৈ থকা এই পদ সমূহ কেৱল দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ।  ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যনত  নিযুক্তিৰ বাবে মুকলি কৰি দিয়া পদ সমূহ হৈছে- #ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ। #এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ। #ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ। #ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ। #ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ। #এছিষ্টেন্ট হালৱাই আৰু ৰান্ধনীঃ ২৮টা পদ। #ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ। #ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ (এ): ৬টা পদ। #ফায়াৰমেনঃ ১৩টা পদ। #মুঠ পদ ২২৪ টা ।  উক্ত পদসমূহৰ  বাবে আবেদনকাৰীৰ  বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব। আবেদনকাৰী সকলে অনলাইন

নগাওঁ আৰু কাছাৰ কাগজ কলৰ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজি হৰলুকী,কাগজ কল কৰ্মী ইউনিয়ন

Image
#২৭ ছেপ্টেম্বৰ,২০১৯ হিন্দুস্হান কাগজ কলৰ নামত আৱন্তন হোৱা ৪১৪১ কোটি টকা হৰলুকী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাওঁ কাগজ কল কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰকাৰ্চা ইউনিয়নে বৃহস্পতিবাৰে জাগীৰোডত এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰে ২০১৪চনৰ পৰা ২০১৮ চনলৈ কাগজ কল দুটাত বিনিয়োগ কৰা  ৪১৪১ কোটি টকাৰ এক বৃহৎ ধনৰাশি কল দুটাত বিনিয়োগ নকৰাৰ কথা সদৰী কৰে । উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে ধন আৱন্তন দিয়াৰ অধিকাংশ সময় কল দুটা বন্ধ হৈ আছিল । কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী অৰবিন্দ সাৱন্তে সদনত কল দুটাত চাৰি বছৰত ৪১৪১ কোটি টকা বিনিয়োগ কৰাৰ কথা সদৰী কৰাৰ পিছতে এই বৃহৎ ধনৰাশি কত কত ব্যয় কৰিলে তাৰ তদন্তৰ দাবী জনাইছে সংগঠন দুটাই । ইতিমধ্যে দৰমহাৰ অভাৱত নগাঁও কাগজ কলৰ ৫৭ জন কৰ্মছাৰীয়ে মৃত্যুক আকোৱালী লোৱাৰ উপৰিও ৩ জনে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজিৰ ৪১৪১ কোটি টকা হৰলুকী কৰাৰ পিছত এচাম অসাধু চক্ৰয় কাগজ কল দুটাক ব্যক্তিগত কৰণ কৰিবলৈ উঠি পৰি লাগিছে বুলি সংগঠন দুটাই মন্তব্য কৰে । সৰ্বানন্দ সোনোৱাল চৰকাৰক এই বৃহৎ পুঁজি কত বিনিয়োগ কৰিলে তাৰ শ্ৰেত পত্ৰ প্ৰকাশ কৰাৰ লগতে তদন্তৰ দাব