দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা ভাল খবৰ

#২৭ছেপ্টেম্বৰ,২০১৯
দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত খালী হোৱা ২২৪ টা বিভিন্ন পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে ২১ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত অনলাইযোগেৰে আবেদন পত্ৰ দাখিল কৰিব পাৰিব । খালি হৈ থকা এই পদ সমূহ কেৱল দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে । 

ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যনত  নিযুক্তিৰ বাবে মুকলি কৰি দিয়া পদ সমূহ হৈছে-

#ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ।
#এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ।
#ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ।
#ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ।
#ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ।
#এছিষ্টেন্ট হালৱাই আৰু ৰান্ধনীঃ ২৮টা পদ।
#ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ।
#ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ (এ): ৬টা পদ।
#ফায়াৰমেনঃ ১৩টা পদ।

#মুঠ পদ ২২৪ টা । 

উক্ত পদসমূহৰ  বাবে আবেদনকাৰীৰ  বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব। আবেদনকাৰী সকলে অনলাইন আবেদন কৰাৰ সময়ত  100 টকা আবেদন মাচুল জমা দিব লাগিব। অৱশ্যে সকলো মহিলা আৰু SC/ST/PWD/ESM প্ৰাৰ্থী সকলে কোনোধৰণৰ আবেদনৰ মাচুল জমা দিব নালাগে। ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন আবেদন কৰিবৰ বাবে  ডি আৰ ডি অ’ৰ অফিচিয়েল ৱেবচাইটত http://drdo.gov.in  সহায় লব পাৰিব । 



Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom