জাগীৰোডৰ কপিলী দলংত বৃহৎ ফাঁট , আতংকিত জনতা

#১৬ছেপ্টেম্বৰ,২০১৯
জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী কপিলী দলংৰ কেইবাটাও স্থানত বৃহৎ বৃহৎ ফাঁট মেলিছে  । পুৱাই পথাচাৰী আৰু স্থানীয় লোকে দলংখনৰ ফাঁট সমূহ প্ৰত্যক্ষ কৰে । ১৯৬২  চনতে নিৰ্মাণ কৰা জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী একমাত্ৰ দলংখন জৰাজিৰ্ণ অৱস্থাই এতিয়া ৰাইজক আতংকিত কৰিছে  ।
স্থানীয় ৰাইজে দলংখনত ফাঁট কেইটা প্ৰত্যক্ষ কৰি প্ৰশাসনক অৱগত কৰে যদিও কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । দলংখনত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে  বুলি স্থানীয় লোকে আশংকা কৰিছে ।আনহাতে জাগীৰোড-মৰিগাঁও সংযোগী এই দলংখনৰ ওপৰেদি এতিয়াও গধুৰ যান বাহন চলাচল কৰি আছে ।

মৰিগাঁও জিলা প্ৰশাসনে দলংখনৰ ওপৰেদি গধুৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰা নাই । প্ৰশাসনে দলংখনক গুৰুত্ব সহকাৰে নললে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে ৰাইজে । দলংখন নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগ আৰু নিৰ্মাণকাৰি সংস্থাই সেমাহি কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ যে যোৱা ১০ ছেপ্টেম্বৰত দলংখন নিৰ্মাণৰ দাবীত মৰিগাঁও জিলাৰ কেইবাটাও জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।


Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া