আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

#৫ছেপ্টেম্বৰ,২০১৯
শিক্ষা আৰু শিক্ষক এই দুইটাকে পবিত্র বুলি গণ্য কৰা হয় । ৫ছেপ্টেম্বৰ শিক্ষক দিৱস ভাৰতৰ প্ৰক্তন ৰাষ্ট্ৰপতি , কৃত্তী  শিক্ষক ,প্ৰখ্যাত দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত । তেওঁ দেউতাকৰ নাম আছিল বীৰা স্বামী আৰু মাতৃৰ নাম সীতামা । ৰাধাকৃষ্ণণে  ৮ বছৰ বয়স লৈকে নিজ গৃহত  পিতৃ-মাতৃৰ তত্বৱধানতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । তাৰ  পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুলত নামভৰ্ত্তি কৰে । ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে লুথেৰান মিছন স্কুলত শিক্ষা লাভ কৰাৰ  পিছত ৰাধাকৃষ্ণণে ১৯০০ চনত ভেলোৰ কলেজত নামভৰ্ত্তি কৰে আৰু   ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ  পোন প্ৰথম বাৰৰ বাবে ভাৰতৰ  উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দ্বিতীয় বাৰলৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ হিচাপে নিৰ্বাচিত হয় ।  ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় । তেখেতে তেওঁৰ জীৱনত কৰ্মৰাজিৰ বাবে বিভিন্ন পুৰষ্কাৰেৰে সন্মানিত হৈছিল । ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা লাভ কৰে ।নিজকে এজন শিক্ষক হিচাপে পৰিচয় দি ভালপোৱা মহান দৰ্শনিক ভাৰতৰ প্ৰক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৯০৯ চনৰ এপ্ৰিল মাহত মাদ্ৰাজৰ‘প্ৰেচিডেন্সী কলেজ’ত অধ্যাপনা হিচাপে তেখেতৰ কৰ্ম জীৱনৰ পাতনি মেলে ।   ১৯১৮ চনত মহীশূৰ বিশ্ববিদ্যালত দৰ্শন বিষয়ৰ অধ্যাপক হিচাপে  । তাৰ  পিছত ‘কলিকতা বিশ্ববিদ্যালয়ত  দৰ্শন বিভাগৰ ‘King George V’ আসনৰ ‘Mental and Moral Science’ বিষয়ত যোগদান কৰে।  ১৯২৯ চনত  ‘মান্‌চেষ্টাৰ’কলেজত ‌অধ্যাপনা  কৰাৰ লগতে  তেখেতে‍ 'অক্সফ'ৰ্ড বিশ্ববিদ্যালত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে ।  ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈকে ড° ৰাধাকৃষ্ণণে 'অন্ধ্ৰ বিশ্ববিদ্যালয়'ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰে।  ১৯৩৯ চনৰ পৰা ভাৰত স্বাধীন হোৱা কাললৈকে  'বেনাৰস হিন্দু বিশ্ববিদ্যালয়’ৰ উপাচাৰ্য হিচাপে থাকি শিক্ষা জ্যোতি বিলাই যায় । তেখেত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল । তেতিয়া মহান দৰ্শনিক  গৰাকীয়ে কৈছিল যে –মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয়  কিন্তু মই এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিলে  আৰু অধিক আনন্দিত হম ।  তেওঁ শিক্ষক বৃত্তিক  দেশৰ আটাইতকৈ শ্ৰেষ্ঠ  বৃত্তি বুলি অভিহিত কৰি কয় যে- "teachers should be the best minds in the country" ।  ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰ পৰাই  সমগ্ৰ দেশতে নিৰবিশ্চিন্ন ভাবে এই দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহিছে ।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom