ইছৰ’ৰ শেহতীয়া খবৰ সুকলমে আছে লেণ্ডাৰ বিক্ৰম

#০৯ ছেপ্টেম্বৰ,২০১৯
সোমবাৰৰ দিনটোত ইছৰ’ৰ তৰফৰ পৰা দেশবাসীলৈ  এটা ভাল খবৰ আহিছে । ইছৰ'য়ে লেণ্ডাৰ বিক্ৰম সুকলমে আছে বুলি জানিবলৈ দিছে ।বৰ্তমানলৈকে  লেণ্ডাৰ বিক্ৰমৰ কোনো ধৰণৰ হানি হোৱা নাই ।আৰ্বিটাৰে শেহতীয়াকৈ লেণ্ডাৰ বিক্ৰমৰ কেইবাখনো ফটো ইছৰ'লৈ প্ৰেৰণ কৰা পিছত ইছৰৰ কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে । অৱশ্যে লেণ্ডাৰ বিক্ৰমৰ হৈছে ইছৰ'য়ে বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব পৰা নাই । ইছৰ’ৰ টীমে টেলিমেট্ৰিক ট্ৰেকিং আৰু কামাণ্ড নেটৰ্ৱকৰ জৰিয়তে সংযোগ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে । উল্লেখ যে বিক্ৰমৰ সৈতে সংযোগ স্থাপন হলেই ৰভাৰ প্ৰজ্ঞানো সক্ৰিয় হৈ উঠিব।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিলে স্নাতক মহলাৰ প্ৰথমখন কাট অ'ফ মাৰ্ক তালিকা