তিৱা ছাত্র সন্থাৰ উদ্যোগত জাগীৰোডত নবাগত আদৰণি সভা

#২৩ ছেপ্টেম্বৰ,২০১৯
জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে নবাগত আদৰণি সভা অনুষ্ঠিত হয় । জাগীৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত ছাত্ৰ সংগঠনটোৱে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নবাগত আদৰণি সভা অনুষ্ঠিত কৰে । নবাগত ছাত্র-ছাত্ৰী সকলৰ মাজত এখন  সুস্থ শৈক্ষিক, মানসিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে জনগোষ্ঠীয় ছাত্র সংগঠনটোৱে লৈছে এই পদক্ষেপ । বিগত কেইবছৰৰ দৰে বৰ্ণিল কাৰ্যসূচীৰে জাগীৰোডত নবাগত আদৰনি সভা অনুষ্ঠিত কৰি আহিছে । ছাত্ৰ সংগঠনটোৰ জাগীৰোড আঞ্চলিক সমিতি আৰু জাগীৰোড মহাবিদ্যালয় গোটে এই নবাগত আদৰণি সভা অনুষ্ঠিত কৰিছে । অনুষ্ঠানটোৰ মুকলি সভাত সদৌ তিৱা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নিবন আমচি , অল ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমচি , জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ, সদৌ কাৰ্বি ছাত্র সন্থাৰ সভাপতি চেমচং তেৰণ,তিৱা মাথনলাই তখ্ৰাৰ সভাপতি লালচিং মাদাৰ , তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি , তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা , তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজাকে আদি কৰি জনগোষ্ঠীটোৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকে । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom