অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়

#২৭ ছেপ্টেম্বৰ,২০১৯
 অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত প্ৰথমবাৰলৈ বাণিজ্য বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ২০২০ শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলে বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিব পাৰিব । আনহাতেদি ২০২১ চনত দশম শ্ৰেণী বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে  অন্তৰ্ভুক্ত কৰা হ’ব । আজি মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই "An Introduction to Commerce" শীৰ্ষক পাঠ্যপুথি উন্মোচন কৰে ।
এই পাঠ্যপুথিৰ জৰিয়তে নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক একাউণ্টেন্সী, ইনচুৰেঞ্চ, বেংকিং বিষয়ত আভাস দিয়া হ'ব ৷ উক্ত অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে৷ এই নতুন বিষয়ক লৈ শিক্ষা বিভাগে ৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া