আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিছে নেকি? তেন্তে এবাৰ এই নিউজটো পঢ়ক

#২৭ছেপ্টেম্বৰ,২০১৯
বহুত কল্পনা জল্পনাৰ অন্ত পেলাই ৰাজ্যৰ শিক্ষা বিভাগে ৬বছৰৰ মূৰত পুনৰ টেট পৰীক্ষা অনুস্থিত কৰিবলৈ লৈছে । ইতিমধ্যে  টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে । অহা ১০ নবেম্বৰত ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। অনলাইন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে শিক্ষা বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । অনলাইন আবেদন কৰা সকলৰ বি.এড. বা ডি.এল.এড. ডিগ্ৰী থকাটো বাধ্যতামূলক । বি এড বা ডি এল এড পঢ়ি থকা সকলে নামভৰ্ত্তি ৰচিদ জমা কৰিব লাগিব অনথা আবেদন নাকচ কৰা হ'ব আদি। এই নিৰ্দেশনা পোৱাৰ লগে লগে আবেদনকাৰী সকলৰ একাংশই শেহতীয়া কৈ বি.এড. আৰু ডি.এল.এড. পাঠ্যক্ৰমত নামভৰত্তি কৰি জমা কৰিছে । কিন্তু টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শেহতীয়া এক বিশেষ মন্তব্যই এতিয়া চিন্তিত কৰিছে একাংশ আবেদনকাৰীক ‌।শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে D.El.Ed পাঠ্যক্ৰমৰ গ্ৰহণযোগ্যতা ২০১৭ চনলৈকেহে আছিল । ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব । উল্লেখ যে ২০১৭ চনৰ পিছতো বহুকেইটা প্ৰতিষ্ঠানে  D.El.Ed পাঠ্যক্ৰমৰ পাঠদানৰ লগতে নামভৰ্ত্তি অব্যাহত ৰাখিছিল ।


Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go