বন্ধ হ'ব নেকি বি.এছ.এন.এল. ? ৪/৫ দিনত নিৰ্ণয় হ'ব ভৱিষ্যত

#২৭ছেপ্টেম্বৰ,২০১৯
এটা এটাকৈ দেশৰ ৰাজহুৱা খণ্ডৰ  কোম্পানী সমূহ মৃত্যু মুখলৈ গতি কৰিছে । শেহতীয়াকৈ দেশৰ আন এটা ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী মৃত্যু মুখলৈ গতিকৰাৰ খবৰে তোলপাৰ লগাইছে । ইতিহাস হৈ ৰব নেকি আপোনাৰ মোৰ অতিকৈ চিনাকি  বি.এছ.এন.এল. কোম্পানী হয়তো আপুনি আৰু নাপাব । আগন্তুক ৪-৫ দিনৰ ভিতৰত  ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটোৰ ভৱিষ্যত  নিৰ্ণয় হ'ব। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটো  কেনেদৰে পুনৰ্জীৱিত কৰিব পাৰি, সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ  আলোচনা অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে গঠন কৰি দিয়া  সচিব সমিতিয়ে আগন্তুক ৪/৫ দিনৰ ভিতৰত এক সিদ্ধান্তত উপনীত হৈ  বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব পাৰি নে নোৱাৰি তাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । সচিব সমিতিৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া  বি.এছ.এন.এলৰ ভৱিষ্যৎ । উল্লেখ্য যে বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব নোৱাৰিলে ১.৬৩ লাখ কৰ্মচাৰী অস্তিত্বৰ সংকটত পৰিব ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী