টেটৰ আবেদন নাকচ হলে আবেদনকাৰীয়ে ঘুৰাই নাপাবও পাৰে আবেদনমাচুল

#২৭ছেপ্টেম্বৰ,২০১৯
অহা ১০ নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব সাধাৰণ টেট পৰীক্ষা । পৰীক্ষা কাষ চাপি অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে একাংশ পৰীক্ষাৰ্থী । শেহতীয়াকৈ শিক্ষা বিভাগৰ এখন জাননী আৰু শিক্ষামন্ত্ৰীৰ এটা মন্তব্যই আৰু অধিক চিন্তিত কৰি তুলিছে পৰীক্ষাৰ্থী সকলক । এতিয়া যিকোনো মুহূৰ্ততে নাকচ হ'ব পাৰে একাংশ পৰীক্ষাৰ্থীৰ আবেদন । শিক্ষা বিভাগে টে’ট  বাবে বি.এড.আৰু  ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পিছত এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা সকলে বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰি ৰচিদ খন জমা কৰিছিল । পিছে শিক্ষামন্ত্ৰীয়ে শেহতীয়াকৈ ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব বুলি মন্তব্য কৰাৰ পিছত এতিয়া এই সকল পৰীক্ষাৰ্থীক বিপাঙত পেলাইছে । আনহাতেদি নামভৰ্ত্তি ৰচিদ জমা কৰিব নোৱাৰাৰ ফলত আবেদন নাকচ হোৱা পৰীক্ষাৰ্থী সকলৰ আবেদনমাচুল ঘুৰাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষামন্ত্ৰীয়ে  মন্তব্য কৰে । অনলাইন আবেদন কৰাৰ সময়ত সম্পূৰ্ণ শুদ্ধ আৰু সত্য তথ্য দি আবেদন কৰা হৈছে বুলি টিক মাৰ্ক মাৰি আবেদন কৰাৰ ফলত বি.এড.আৰু  ডি এল এড অধ্যয়ন  কৰি থকা বুলি মিছাকৈ আবেদন কৰা সকল লগতে ভুৱা ৰচিদ জমা কৰা সকল এতিয়া বিপদত পৰিব বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go