নগাওঁ আৰু কাছাৰ কাগজ কলৰ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজি হৰলুকী,কাগজ কল কৰ্মী ইউনিয়ন

#২৭ ছেপ্টেম্বৰ,২০১৯
হিন্দুস্হান কাগজ কলৰ নামত আৱন্তন হোৱা ৪১৪১ কোটি টকা হৰলুকী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাওঁ কাগজ কল কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰকাৰ্চা ইউনিয়নে বৃহস্পতিবাৰে জাগীৰোডত এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰে ২০১৪চনৰ পৰা ২০১৮ চনলৈ কাগজ কল দুটাত বিনিয়োগ কৰা  ৪১৪১ কোটি টকাৰ এক বৃহৎ ধনৰাশি কল দুটাত বিনিয়োগ নকৰাৰ কথা সদৰী কৰে । উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে ধন আৱন্তন দিয়াৰ অধিকাংশ সময় কল দুটা বন্ধ হৈ আছিল । কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী অৰবিন্দ সাৱন্তে সদনত কল দুটাত চাৰি বছৰত ৪১৪১ কোটি টকা বিনিয়োগ কৰাৰ কথা সদৰী কৰাৰ পিছতে এই বৃহৎ ধনৰাশি কত কত ব্যয় কৰিলে তাৰ তদন্তৰ দাবী জনাইছে সংগঠন দুটাই । ইতিমধ্যে দৰমহাৰ অভাৱত নগাঁও কাগজ কলৰ ৫৭ জন কৰ্মছাৰীয়ে মৃত্যুক আকোৱালী লোৱাৰ উপৰিও ৩ জনে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজিৰ ৪১৪১ কোটি টকা হৰলুকী কৰাৰ পিছত এচাম অসাধু চক্ৰয় কাগজ কল দুটাক ব্যক্তিগত কৰণ কৰিবলৈ উঠি পৰি লাগিছে বুলি সংগঠন দুটাই মন্তব্য কৰে । সৰ্বানন্দ সোনোৱাল চৰকাৰক এই বৃহৎ পুঁজি কত বিনিয়োগ কৰিলে তাৰ শ্ৰেত পত্ৰ প্ৰকাশ কৰাৰ লগতে তদন্তৰ দাবী জনাই । আনহাতেদি কৰ্মছাৰী সকলে দৰমহাৰ বাবদ পাবলৈ থকা  ৫৫০ কোটি টকা পাপ্য দৰমহা মোকলাই দিয়াৰ লগতে নগাওঁ আৰু কাছাৰ কাগজ কলক পুনৰ উজ্জীৱিত কৰাৰ দাবী জনাইছে কল কৰ্মছাৰী সকলে ৷


Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go