অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন , চৰ্চাত আহিছে এটা বিশেষ নাম সিদ্ধাৰ্থ পাটৰ

#২২ছেপ্টেম্বৰ,২০১৯
অহা ২৪ ছেপ্টেম্বৰত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ প্ৰান কেন্দ্ৰ  স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । কৃষ্ণচূডাৰ দেশত এতিয়া নিৰ্বাচনৰ বতাহ । বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে এতিয়া ব্যস্ত নিজা নিজা পচন্দৰ প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰত । তেনে সময়তে এটি বিশেষ নামে চৰ্চা লাভ কৰিছে কৃষ্ণচূড়াৰ দেশত । বিশেষ ভাবে চৰ্চাত আছে বিশ্ববিদ্যালয়খনৰ আৰ.চি.চি. ২ ছাত্ৰাবাসৰ আবাসী ভূগোল বিভাগৰ তৃতীয় সান্মাষিকৰ  ছাত্ৰ সিদ্ধাৰ্থ পাটৰৰ নাম।২০১৯ বৰ্ষৰ আন্তঃ মহাবিদ্যালয় যুৱ সমাৰোহত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দলীয় নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান আৰু  যন্ত্ৰ সংগীত (Orchestra) প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰা সিদ্ধাৰ্থ পাটৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত প্ৰতিদন্দিতা আগবঢ়াইছে। ইয়াকে লৈ সমৰ্থক সকলৰ মাজত তুমুল উৎসাহ দেখা পোৱা গৈছে ।

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া