জাগীৰোডৰ ভকতগাঁৱত গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

#১০ ছেপ্টেম্বৰ,২০১৯
সোমবাৰে জাগীৰোডৰ ভকতগাঁৱত গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । ভকত গাঁৱত  কপিলী নদী দলং নিৰ্মাণৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাৱস্ত কৰে । জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী মূল পথটোৰ কপিলী নদীৰ ওপৰত থকা দলংখন যোৱা ৯ বছৰে নিৰ্মাণ কাৰ্য সম্পন্ন নোহোৱাকলৈ অঞ্চলতোৰ ৰাইজ সকল ক্ষোভিত হৈ পৰে  ।
দলং খনৰ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স কোম্পানীৰ বিৰুদ্ধে  দলং নিৰ্মাণত গাফিলতিৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বাঘজাপ ত্ৰিবেণী সংঘ, AJYCP, KMSS , আছু আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও সংগঠনৰ সহযোগত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী জনতাই ঢোল, তাল , নেগেৰা, শংখ আদি লৈ হৰি নামৰ ধ্বনিৰে চৰকাৰ আৰু গড়কাপ্তানি বিভাগৰ সুমতি বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ।
বিগত ৯ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰা ছিমপ্লেক্স কোম্পানী আৰু গড়কাপ্তানি বিভাগৰ বিভাগৰ বিৰুদ্ধে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত ধৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom