২১ অক্টোবৰত অসমৰ ৪ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন

#২১ ছেপ্টেম্বৰ,২০১৯
নিৰ্বাচন আয়োগে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। নিৰ্বাচন আয়োগে এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। দুয়োখন ৰাজ্যতে অক্টোবৰ মাহৰ ২১ তাৰিখে অনুষ্ঠিত নিৰ্বাচন অনুষ্ঠিত হ'ব ।নিৰ্বাচনৰ ফলাফল সমূহ অহা ২৪ অক্টোবৰত ঘোষণা কৰা হ'ব। আনহাতে নিৰ্বাচন আয়োগে অসমৰ ৪টা বিধানসভা সমষ্টিতো অহা ২১ অক্টোবৰ তাৰিখে উপ নিৰ্বাচন  অনুষ্ঠিত কৰিব । এইকথা আজি এক সংবাদমেলৰ জড়িয়তে জানিবলৈ দিয়ে ।  অসমৰ  উপ নিৰ্বাচন হ'ব লগীয়া বিধানসভা সমষ্টি কেইটা হৈছে সোণাৰী, ৰাতাবাৰী, জনিয়া আৰু ৰঙাপাৰাত । উল্লেখ যে বিগত লোকসভা নিৰ্বাচনৰ পিছতে অসমৰ এই চাৰিটা সমষ্টি জনপ্ৰতিনিধি শূণ্য হৈ আছিল।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go