Posts

কৰ্নাটকৰ আছে পৃথক ৰাজ্য পতাকা

Image
#২৪ আগষ্ট,২০১৯ কৰ্নাটকৰ আছে  পৃথক ৰাজ্য পতাকা । কৰ্নাটকৰ জনতাৰ বহুদিনিয়া দাবী এটা যোৱা বছৰ   কৰ্নাটক চৰকাৰে পূৰ্ণ কৰে । যোৱা  কৰ্নাটক চৰকাৰে ৮ মাৰ্চ ২০১৮ তাৰিখে   কৰ্নাটক ৰাজ্যৰ বাবে এখন সুকীয়া পতাকা ঘোষণা কৰি এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে । কৰ্নাটকৰ তেতিয়াৰ  মুখ্যমন্ত্ৰী চিদ্দা ৰামায়াই  এক সংবাদমেল যোগেদি  এই কথা সদৰী কৰে । কৰ্নাটকৰ ৰাজ্য পতাকা খন ওপৰত  হালধীয়া, মাজত  বগা আৰু তলত  ৰঙা এই তিনিটা ৰঙেৰে গঠিত  ।  বগা ৰঙৰ মাজত কৰ্নাটক ৰাজ্যৰ  প্ৰতীক চিহ্নটো আছে । কৰ্নাটক চৰকাৰে গঠন কৰি দিয়া ৯ জনীয়া  পতাকা কমিটিয়ে  এই পতাকাখন  প্ৰস্তুত কৰি  উলিয়াইছিল  ।  তেতিয়াৰে পৰা এই পতাকিখনে কৰ্নাটক ৰাজ্যক প্ৰতিনিধিত্ব কৰি আহিছে  ।  

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু নাই

Image
#২৪ আগষ্ট,২০১৯ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু নাই । আজি কিছু সময় পূৰ্বে  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  এইমছত  শেষ নিশ্বাস ত্যাগ   কৰে  ।  মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৬ বছৰ। যোৱা ৯ আগষ্ট তাৰিখৰ পৰা  প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকী এইমছত  চিকিৎসাধীন হৈ আছিল।

মেডিকেল প্ৰৱেশ পৰীক্ষাকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Image
#২২ আগষ্ট,২০১৯ গুৱাহাটী উচ্চ ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাকলৈ এক  গুৰুত্বপুৰ্ণ ৰায় প্ৰদান কৰিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এতিয়াৰে পৰা উচ্চ  মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত  ৫০ শতাংশ নম্বৰ থাকিলে  মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোগ্যতা অৰ্জন কৰিব  । মেডিকেল কলেজ এডমিচন ৰুল ২০১৭ বিধি ৪(২)(চি) খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে । মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ৫০ শতাংশ নম্বৰ লাগিছিল যদিও অসমৰ ক্ষেত্ৰত উচ্চ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা সকলেহে যোগ্যতা অৰ্জন কৰিছিল  । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এতিয়াৰে পৰা উচ্চ মাধ্যমিকত  পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজীত ৫০ শতাংশ পালে মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ।

গোলা বাৰুদৰ কাৰখানাক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

Image
#২১আগষ্ট,২০১৯ ভাৰত চৰকাৰে  গোলা বাৰুদৰ কাৰখানাক ব্যক্তিগত কৰাৰ প্ৰস্তুতিৰ বিৰুদ্ধে  ৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ভাৰত চৰকাৰৰ ৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ  ডিফেঞ্চ প্ৰডাকচন বিভাগৰ গোলা-বাৰুদৰ কাৰখানা সমূহক ব্যক্তিগত কৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৱা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ  তিনিটা মজদুৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ভাৰতৰ সেনা,অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ বাহিনীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ যেনে বন্দুক, বাৰুদ ,বোলেটপ্ৰ'ফ জেকেট , সেনাৰ গাড়ী আদি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা Ordnance Factory Board ক কেন্দ্ৰীয় চৰকাৰে ৰক্ষা মন্ত্ৰালয়ৰ এটা বিভাগ হিচাপে নাৰাখি ব্যক্তিগতকৰণ কৰিব বিচৰাৰ বিৰুদ্ধে কাৰখানা  ভাৰতীয় প্ৰতিৰক্ষা মজদুৰ সংঘ , অল' ইণ্ডিয়া ডিফেঞ্চ এমপ্লই ফেডাবেশ্বন আৰু ইণ্ডিয়ান নেচনেল ডিফেঞ্চ ৱৰ্কাৰ ফেডাবেশ্বনে   প্ৰতিবাদ সাব্যস্ত কৰিছে । এই বিভাগটোৰ অধীনত থক ৪১ কাৰখানাত ১  লাখ ২৫ হাজাৰ কৰ্মচাৰী নিয়োগ হৈ আছে । উল্লেখ যে Ordnance Factory Board ৰ কাৰখানা সমূহত উৎপাদিত সামগ্ৰীৰ ৮০% সেনাই আৰু বাকী ২০...

টেট উত্তীৰ্ণ সকলৰ বাবে এটা ভাল খবৰ ,অতি শীঘ্ৰে দিয়া হ'ব নিযুক্তি

Image
#২০আগষ্ট,২০১৯ ৰাজ্যৰ শিক্ষা বিভাগে মাদ্ৰাছা টেটত উত্তীৰ্ণ সকলৰ নিযুক্তিৰ বাবে প্ৰস্তুতি  চলাইছে ।  মাধ্যমিক শিক্ষা সঞ্চালকালয়ে  বিদ্যালয় পৰিদৰ্শক সকললৈ মাদ্ৰাছা শিক্ষক নিযুক্তি সন্দৰ্ভত  এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে । মাধ্যমিক শিক্ষা সঞ্চালকালয়ে যোৱা ১৭ আগষ্ট তাৰিখে   বিদ্যালয় পৰিদৰ্শক সকলৰ পৰা তেওঁলোকৰ চাৰ্কোলৰ অধীনৰ  মাদ্ৰাছা সমূহত খালী হৈ থকা পদ সমূহৰ তথ্য দহ দিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে । উচ্চ ন্যায়ালয়ে  যোৱা মাহৰ ২২ তাৰিখে  মাদ্ৰাছা  টেট সংক্ৰান্তত চলি  গোচৰৰ অন্তিম শুনানী গ্ৰহণ কৰি মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ  নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে  আৰম্ভ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশনা দিয়ে । উল্লেখ যে ২০১৫ চনত অনুষ্ঠিত হোৱা মাদ্ৰাছা টেটত  ১৮০০০ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল । তাৰ পিছতে ঠিকাভিত্তীক শিক্ষকে টেট উত্তীৰ্ণ সকলৰ নিযুক্তিত আপত্তি দৰ্শাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল । উচ্চ ন্যায়ালয়ৰ ৰায় টেট উত্তীৰ্ণ সকলৰ পক্ষত অহাৰ পিছত এতিয়া মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ নিযুক্তিৰ পথ  মসৃণ  হৈছে । 

শিক্ষা বিভাগত নিযুক্তিৰ সুযোগ ,৫০০ পদ খালী

Image
#২০আগষ্ট,২০১৯ বৰপেটা জিলাৰ প্ৰাদেশীকৃত  উচ্চ মাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা মুঠ ৫০০ পদৰ বাবে বৰপেটা জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ে ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি  বিজ্ঞাপন জাৰি কৰিছে । ইচ্ছুক প্ৰাৰ্থী সকলে বিদ্যালয় পৰ্যায়ত আবেদন কৰিব পাৰিব। পদৰ নাম - গ্ৰেজুৱেট  শিক্ষক  এই পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫০% নম্বৰ সহ স্নাতকোত্তৰ ডিগ্ৰীধাৰি হ'ব লাগিব লগতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  বি এড ডিগ্ৰীধাৰি আৰু উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব । উক্ত পদৰ বাবে দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ লগতে ৮৭০০ টকা গ্ৰেট পে আৰু অন্যান্য বনাচ সমূহ থাকিব । খালী হৈ থকা ৫০০ পদৰে ৫৯টা পদ সাধাৰণ শ্ৰেণীৰ বাবে ,২১১ টা পদ অন্যান্য পিছপৰা আৰু অতি পিছপৰা শ্ৰেণীৰ বাবে , ৫৯ টা পদ অনুসূচীত জাতিৰ , ৯৭ টা পদ অনুসূচীত জনজাতি (ভৈয়াম) , ৩৬ টা পদ অনুসূচীত জনজাতি (পাহাৰ) , ৩৮টা  পদ  পি.ডব্লিউ. ডি. শ্ৰেণীৰ বাবে সংৰক্ষিত । ইচ্ছুক প্ৰাৰ্থী সকলে অহা  ২৭/৮/২০১৯ তাৰিখৰ ভিতৰত আবেদন জমা কৰিব...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

Image
#১৯আগষ্ট,২০১৯ অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান  গুৱাহাটী বিশ্ববিদ্যালয়ত আজি নতুন উপাচাৰ্য নিযুক্তি দিয়া হয় । অসমৰ ৰাজ্যপাল   জগদীশ মুখীয়ে আজি অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে নিযুক্তি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য মৃদুল হাজৰিকাৰ কাৰ্যকাল অন্ত পৰাত ৰাজ্যপাল জগদীশ মুখীয়ে  অধ্যাপক  প্ৰতাপ জ্যোতি সন্দিকৈক উপাচাৰ্য পদত নিযুক্তি প্ৰদান কৰে। উল্লেখ যে প্ৰতাপ জ্যোতি সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়’ টেকন’লজি বিভাগৰ অধ্যাপক।