Posts

অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়

Image
#২৭ ছেপ্টেম্বৰ,২০১৯  অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত প্ৰথমবাৰলৈ বাণিজ্য বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ২০২০ শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলে বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিব পাৰিব । আনহাতেদি ২০২১ চনত দশম শ্ৰেণী বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে  অন্তৰ্ভুক্ত কৰা হ’ব । আজি মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই "An Introduction to Commerce" শীৰ্ষক পাঠ্যপুথি উন্মোচন কৰে । এই পাঠ্যপুথিৰ জৰিয়তে নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক একাউণ্টেন্সী, ইনচুৰেঞ্চ, বেংকিং বিষয়ত আভাস দিয়া হ'ব ৷ উক্ত অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে৷ এই নতুন বিষয়ক লৈ শিক্ষা বিভাগে ৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

তিৱা ছাত্র সন্থাৰ উদ্যোগত জাগীৰোডত নবাগত আদৰণি সভা

Image
#২৩ ছেপ্টেম্বৰ,২০১৯ জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে নবাগত আদৰণি সভা অনুষ্ঠিত হয় । জাগীৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত ছাত্ৰ সংগঠনটোৱে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নবাগত আদৰণি সভা অনুষ্ঠিত কৰে । নবাগত ছাত্র-ছাত্ৰী সকলৰ মাজত এখন  সুস্থ শৈক্ষিক, মানসিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে জনগোষ্ঠীয় ছাত্র সংগঠনটোৱে লৈছে এই পদক্ষেপ । বিগত কেইবছৰৰ দৰে বৰ্ণিল কাৰ্যসূচীৰে জাগীৰোডত নবাগত আদৰনি সভা অনুষ্ঠিত কৰি আহিছে । ছাত্ৰ সংগঠনটোৰ জাগীৰোড আঞ্চলিক সমিতি আৰু জাগীৰোড মহাবিদ্যালয় গোটে এই নবাগত আদৰণি সভা অনুষ্ঠিত কৰিছে । অনুষ্ঠানটোৰ মুকলি সভাত সদৌ তিৱা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নিবন আমচি , অল ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমচি , জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ, সদৌ কাৰ্বি ছাত্র সন্থাৰ সভাপতি চেমচং তেৰণ,তিৱা মাথনলাই তখ্ৰাৰ সভাপতি লালচিং মাদাৰ , তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি , তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা , তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজাকে আদি কৰি জনগোষ্ঠীটোৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকে ।...

অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন , চৰ্চাত আহিছে এটা বিশেষ নাম সিদ্ধাৰ্থ পাটৰ

Image
#২২ছেপ্টেম্বৰ,২০১৯ অহা ২৪ ছেপ্টেম্বৰত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ প্ৰান কেন্দ্ৰ  স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । কৃষ্ণচূডাৰ দেশত এতিয়া নিৰ্বাচনৰ বতাহ । বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে এতিয়া ব্যস্ত নিজা নিজা পচন্দৰ প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰত । তেনে সময়তে এটি বিশেষ নামে চৰ্চা লাভ কৰিছে কৃষ্ণচূড়াৰ দেশত । বিশেষ ভাবে চৰ্চাত আছে বিশ্ববিদ্যালয়খনৰ আৰ.চি.চি. ২ ছাত্ৰাবাসৰ আবাসী ভূগোল বিভাগৰ তৃতীয় সান্মাষিকৰ  ছাত্ৰ সিদ্ধাৰ্থ পাটৰৰ নাম।২০১৯ বৰ্ষৰ আন্তঃ মহাবিদ্যালয় যুৱ সমাৰোহত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দলীয় নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান আৰু  যন্ত্ৰ সংগীত (Orchestra) প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰা সিদ্ধাৰ্থ পাটৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত প্ৰতিদন্দিতা আগবঢ়াইছে। ইয়াকে লৈ সমৰ্থক সকলৰ মাজত তুমুল উৎসাহ দেখা পোৱা গৈছে ।

২১ অক্টোবৰত অসমৰ ৪ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন

Image
#২১ ছেপ্টেম্বৰ,২০১৯ নিৰ্বাচন আয়োগে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। নিৰ্বাচন আয়োগে এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। দুয়োখন ৰাজ্যতে অক্টোবৰ মাহৰ ২১ তাৰিখে অনুষ্ঠিত নিৰ্বাচন অনুষ্ঠিত হ'ব ।নিৰ্বাচনৰ ফলাফল সমূহ অহা ২৪ অক্টোবৰত ঘোষণা কৰা হ'ব। আনহাতে নিৰ্বাচন আয়োগে অসমৰ ৪টা বিধানসভা সমষ্টিতো অহা ২১ অক্টোবৰ তাৰিখে উপ নিৰ্বাচন  অনুষ্ঠিত কৰিব । এইকথা আজি এক সংবাদমেলৰ জড়িয়তে জানিবলৈ দিয়ে ।  অসমৰ  উপ নিৰ্বাচন হ'ব লগীয়া বিধানসভা সমষ্টি কেইটা হৈছে সোণাৰী, ৰাতাবাৰী, জনিয়া আৰু ৰঙাপাৰাত । উল্লেখ যে বিগত লোকসভা নিৰ্বাচনৰ পিছতে অসমৰ এই চাৰিটা সমষ্টি জনপ্ৰতিনিধি শূণ্য হৈ আছিল।

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

Image
#20 September, 2019 Dhing College'o ratkanthi sirongkhewa (Political Science) pahake Assistant professor, shídai kirî Msa. Lakhinandan Bordoloi Kholar "Traditional Political Institutions of  Tiwas: A Study on change and continuity" ne shumuw tói shândewane  hõi Silchare Assam Universityne phána tor shawa Doctorate degreene muk go osga. Pe Assam Universityne Diphu campuse ratkanthi sirongkhewa pahake mul professor Dr. K. C. Dase kuríw pene shândeware Tiwa chate pángai lo tor tonga khada matgo hon laba phon-ga. Pene shândewa phari man kheblangá Tiwa chat go sina mushín pángai lo lam aw osga. Pego ching Pharew News phaljínge phána khágode sêwago chashégang.

লক্ষীনন্দ বৰদলৈয়ে লাভ কৰিলে অসম বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী

#২০ ছেপ্টেম্বৰ,২০১৯ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যত নতুনকৈ দুজন লোকৰ শৰীৰত পোৱা গৈছে মহামাৰী কৰ’ণা ভাইৰাছৰ অৱস্থিতি । শেহতীয়াকৈ কাৰ্বি আৰু মাজুলিৰ দুজন যুৱক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে । এই পৰ্যন্ত ৰাজ্যত ১১৭ জন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে mn ggf গৰাকী লোক কৰ’ণাত মৃত্যু হৈছে । Mmmm m  ধিং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক , বিশিষ্ট লেখক সাহিত্যিক ,বৌদ্ধিক কৰ্মী লক্ষীনন্দ বৰদলৈয়ে  তেখেতৰ "Traditional Political Institutions of Tiwas: A study on d and continuity" শীৰ্ষক বিষয়ত গবেষণাৰ বাবে শিলচৰস্হিত  অসম বিশ্ববিদ্যালয়ৰ সন্মাtনীয় ডক্টৰেট  ডিগ্ৰী লাভ কৰে । অধ্যাপক গৰাকীয়ে অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কে চি দাসৰ তত্বাৱধানত গৱেষণা সম্পন্ন কৰিছিল । ডক্টৰ বৰদলৈয়ে গৱেষণাৰ জৰিয়তে জনগোষ্ঠীতোৰ যিকেইটা দিশ উলিয়াই আনিলে অনাগত দিনত নিশ্চিত ভাবে জনগোষ্ঠীতোৰ বিষয়ে অধ্যয়নৰ এক নতুন পথ মুকলি কৰিব । Uujd. 

জাগীৰোডৰ কপিলী দলংত বৃহৎ ফাঁট , আতংকিত জনতা

Image
#১৬ছেপ্টেম্বৰ,২০১৯ জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী কপিলী দলংৰ কেইবাটাও স্থানত বৃহৎ বৃহৎ ফাঁট মেলিছে  । পুৱাই পথাচাৰী আৰু স্থানীয় লোকে দলংখনৰ ফাঁট সমূহ প্ৰত্যক্ষ কৰে । ১৯৬২  চনতে নিৰ্মাণ কৰা জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী একমাত্ৰ দলংখন জৰাজিৰ্ণ অৱস্থাই এতিয়া ৰাইজক আতংকিত কৰিছে  । স্থানীয় ৰাইজে দলংখনত ফাঁট কেইটা প্ৰত্যক্ষ কৰি প্ৰশাসনক অৱগত কৰে যদিও কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । দলংখনত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে  বুলি স্থানীয় লোকে আশংকা কৰিছে ।আনহাতে জাগীৰোড-মৰিগাঁও সংযোগী এই দলংখনৰ ওপৰেদি এতিয়াও গধুৰ যান বাহন চলাচল কৰি আছে । মৰিগাঁও জিলা প্ৰশাসনে দলংখনৰ ওপৰেদি গধুৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰা নাই । প্ৰশাসনে দলংখনক গুৰুত্ব সহকাৰে নললে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে ৰাইজে । দলংখন নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগ আৰু নিৰ্মাণকাৰি সংস্থাই সেমাহি কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ যে যোৱা ১০ ছেপ্টেম্বৰত দলংখন নিৰ্মাণৰ দাবীত মৰিগাঁও জিলাৰ কেইবাটাও জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।